দুধনৈত প্ৰচণ্ড বতাহ বৰষুণ, ভাঙি পৰিল বিহুৰ পেণ্ডেল
গোৱালপাৰা, ২১ এপ্ৰিল (হি.স.)। দুধনৈত প্ৰচণ্ড ধুমুহা বৃষ্টিপাত ৷ এই প্ৰচণ্ড ধুমুহা তথা বৃষ্টিপাতে অঞ্চলটোত বিস্তৰ ক্ষতি সাধন কৰে। প্ৰচণ্ড বা মাৰলিৰ ফলত দুধনৈ ৰাজহুৱা খেলপথাৰত অনুষ্ঠিত দুধনৈ কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ পেণ্ডেলো ভাঙি পৰে ।

ফলত বিহু সন্মিলনত হাহাকাৰ লাগে৷ বিহুৰ অনুষ্ঠান চলি থকাৰ মাজতে প্ৰচণ্ড বতাহ-বৰষুণত বিহুৰ পেণ্ডেল ভাঙি পৰে আৰু বিহুতলীৰ খেলপথাৰত পানীৰে উপচি পৰাৰ ফলত বাতিল কৰিব লগা হয় বিহুৰ অনুষ্ঠান ৷

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা

 rajesh pande