
নতুন দিল্লী, ২১ এপ্ৰিল (হি.স.)। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কেৰালাৰ ত্ৰিছুৰত ফটকা কাৰখানাত হোৱা বিস্ফোৰণক লৈ দুখ প্ৰকাশ কৰি ক্ষতিপূৰণ দিয়াৰ কথা ঘোষণা কৰে।
টুইটাৰযোগে প্ৰধানমন্ত্ৰীয়ে প্ৰেৰণ কৰা বাৰ্তাত কয় যে, কেৰালাৰ ত্ৰিছুৰৰ এটা ফটকা কাৰখানাত সংঘটিত হোৱা দুৰ্ঘটনাৰ ফলত প্ৰাণ আৰু সা-সম্পত্তি হেৰুওৱাৰ কথা শুনি মই গভীৰভাৱে দুখী হৈছো। যিসকলে আপোনজনক হেৰুৱাইছে তেওঁলোকৰ প্ৰতি গভীৰ শোক প্ৰকাশ কৰিছো। আহতসকলৰ আশু আৰোগ্যৰ বাবে প্ৰাৰ্থনা জনাইছো।
ক্ষতিপূৰণৰ কথা ঘোষণা কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় সাহায্য পুঁজি (পিএমএনআৰএফ)ৰ পৰা প্ৰতিজন মৃতকৰ নিকট আত্মীয়ক ২ লাখ ₹ৰ এককালিন সহায়তা প্ৰদান কৰা হ’ব। আহতসকলে লাভ কৰিব ₹৫০,০০০ টকা।
উল্লেখযোগ্য যে আজি কেৰালাৰ ত্ৰিছুৰৰ মুণ্ডাথিকোডত ফটকা কাৰখানাত সংঘটিত হোৱা বিস্ফোৰণত কেইবাজনো লোক নিহত হোৱাৰ লগতে বহু লোক আহত হয়। বৰ্তমান এই অনুজ্ঞাপত্ৰপ্ৰাপ্ত উৎপাদন ইউনিটত উদ্ধাৰ অভিযান চলি আছে।
हिन्दुस्थान समाचार / অৰৱিন্দ