
নতুন দিল্লী, ২১ এপ্ৰিল (হি.স.)। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ১৯ এপ্ৰিলত বুলগেৰিয়াৰ সংসদীয় নিৰ্বাচনত ৰুমেন ৰাদেৱ আৰু তেওঁৰ প্ৰগ্ৰেছিভ বুলগেৰিয়া দলক ব্যাপক জয়ৰ বাবে অভিনন্দন জনায়। ১৯৯৭ চনৰ পিছত প্ৰথমবাৰৰ বাবে একক দলীয় সংখ্যাগৰিষ্ঠতা লাভ কৰি দলটোৱে প্ৰায় ৪৫ শতাংশ ভোট লাভ কৰে ।
টুইটাৰযোগে প্ৰধানমন্ত্ৰীয়ে কয় যে, বুলগেৰিয়াত সদ্য সমাপ্ত হোৱা সংসদীয় নিৰ্বাচনত ৰুমেন ৰাদেৱ আৰু তেওঁৰ প্ৰগ্ৰেছিভ বুলগেৰিয়া দলটোৱে জয়লাভ কৰাৰ বাবে আন্তৰিক অভিনন্দন। ভাৰত আৰু বুলগেৰিয়াৰ মাজত বন্ধুত্বপূৰ্ণ আৰু বহুমুখী সম্পৰ্ক আৰু অধিক শক্তিশালী কৰাৰ লগতে এই অঞ্চলত আমাৰ ব্যাপক সহযোগিতাক প্ৰসাৰিত কৰাৰ বাবে একেলগে কাম কৰিবলৈ আগ্ৰহী।
हिन्दुस्थान समाचार