ছয়গাঁৱত ধুমুহাত গছৰ দাল ভাঙি বিহুৰ অনুষ্ঠানতে মৃত্যু এজন যুৱকৰ
কামৰূপ, ২১ এপ্ৰিল (হি.স.)। কামৰূপ জিলাৰ ছয়গাঁৱত কালি নিশা এক শোকাৱহ ঘটনা সংঘটিত হৈছে। ধুমুহাত গছৰ দাল ভাঙি বিহুৰ অনুষ্ঠানতে মৃত্যু এজন যুৱকৰ । বিহুৰ আনন্দৰ মাজতে নিশা ছয়গাঁৱৰ পাছগুমীত শোকাৱহ ঘটনা ।বিহুৰ অনুষ্ঠান উপভোগ কৰি থকা অৱস্থাতে অহা ভয়ং
ছয়গাঁৱত ধুমুহাত গছৰ দাল ভাঙি বিহুৰ অনুষ্ঠানতে মৃত্যু এজন যুৱকৰ


কামৰূপ, ২১ এপ্ৰিল (হি.স.)। কামৰূপ জিলাৰ ছয়গাঁৱত কালি নিশা এক শোকাৱহ ঘটনা সংঘটিত হৈছে। ধুমুহাত গছৰ দাল ভাঙি বিহুৰ অনুষ্ঠানতে মৃত্যু এজন যুৱকৰ ।

বিহুৰ আনন্দৰ মাজতে নিশা ছয়গাঁৱৰ পাছগুমীত শোকাৱহ ঘটনা ।বিহুৰ অনুষ্ঠান উপভোগ কৰি থকা অৱস্থাতে অহা ভয়ংকৰ ধুমুহাত গছৰ দাল পৰি মৃত্যু ভাস্কৰ কলিতা নামৰ এজন যুৱকৰ । বয়স প্ৰায় ২০ বছৰ । যুৱকজনৰ ঘৰ বকোৰ জামবাৰীত।

যুৱক জনৰ মৃত্যুত সমগ্ৰ অঞ্চলটোত শোকাকুল পৰিবেশে বিৰাজ কৰিছে। মৃতদেহ টো ঘৰলৈ লৈ আনে যদিও পিছত জামবাৰী আৰক্ষীয়ে পোষ্টমৰ্টেমৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় লৈ প্ৰেৰণ কৰে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande