
নলবাৰী, ২১ এপ্ৰিল (হি.স.)। নলবাৰী জিলা আৰক্ষী অধীক্ষকৰ চৰকাৰী বাসভৱনত হুঁচৰি পৰিবেশন। সাত বিহুৰ দিনা খনেই আৰক্ষী অধীক্ষক বিবেকানন্দ দাসে আঠু লৈ সেৱা গ্ৰহণ কৰিলে হুঁচৰি দলৰ পৰা। অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ নলবাৰী জিলা সমিতিৰ উদ্যোগত যোৱা সন্ধিয়া এইদৰে নলবাৰীৰ আৰক্ষী অধীক্ষক বিবেকানন্দ দাসৰ চৰকাৰী বাসভৱনত এইটো হুঁচৰি দলে পৰিবেশন কৰিলে বিহু হুঁচৰি।
নলবাৰীৰ কিছু বিশিষ্ট ব্যক্তিক আমন্ত্ৰণ কৰি নিজ আৱাস গৃহত বিহু চাই আপ্লুত হল আৰক্ষী অধীক্ষক বিবেকানন্দ দাস। বিহুৰ কেইদিন কৰ্তব্যত নিয়োজিত হৈ থকাৰ বাবে পৰিয়াল সহিতে বিহু উপভোগ কৰাৰ পৰা বিৰত থকা আৰক্ষী বিষয়াই এইদৰে উপভোগ কৰে বিহু হুঁচৰি। অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ এনে পদক্ষেপৰ বাবে আৰক্ষী অধীক্ষক বিবেকানন্দ দাসে যুৱ ছাত্ৰ পৰিষদৰ নেতৃত্বক ধন্যবাদ জ্ঞাপন কৰে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা