
বাক্সা, ২১ এপ্ৰিল (হি.স.)। মুছলপুৰ বাক্সাৰ নৱস্তি আঞ্চলিক বিহু সন্মিলনৰ মঞ্চ উদ্ধোধন কৰিবলৈ আহি ২৫ নং বাগানপাৰা পৰিষদৰ এমচিএল এ ৰেখাৰাণী দাস বডোৰ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য। তেও উল্লেখ কৰে, বাক্সাৰ নৱস্তি অঞ্চলৰ অনগ্ৰসৰতা দুৰ কৰাৰ চেষ্টা চলাম । ৰাজনৈতিক ভাবে যথেষ্ট খিনি পৰিৱৰ্তন হৈছে অঞ্চলটো ।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নৱস্তি অঞ্চললৈ কেইবাবাৰো আহিছে গতিকে অঞ্চল টোৰ সমস্যা বোৰ তেও নিজে ভালকৈ বুজিছে ,যিহেতু এইবাৰো হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত বিজেপি চৰকাৰ গঠ্ন কৰাৰ দিশে আগবঢিছে গতিকে মই নিজে চৰকাৰৰ লগত একে লগে অঞ্চলটোৰ উন্নয়নৰ কাম কৰি যোৱাত নিশ্বয়কৈ সহায়ক হব বুলি মন্তব্য আগবঢায় বাগানপাৰা পৰিষদীয় সমষ্টিৰ এমছি এল এ ৰেখাৰাণী দাস বডোয়ে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা