পাৱৈ ছেণ্টাৰত বৰ্বৰ হত্যাকাণ্ড! বাহনেৰে মহতিয়াই নি হত্যা এজন যুৱকক
তিনিচুকীয়া, ২১ এপ্ৰিল (হি.স.)। পাৱৈ ছেণ্টাৰত বৰ্বৰ হত্যাকাণ্ড! সাধাৰণ বাকবিতণ্ডাৰ ভয়ংকৰ পৰিণতি; বাহনেৰে মহতিয়াই নি হত্যা কৰা হ’ল এজন যুৱকক। পাৱৈ চেণ্টাৰত নিশাৰ আকাশ কঁপাই তোলা এক অতি নিষ্ঠুৰ কাণ্ডই এতিয়া সমগ্ৰ অঞ্চল টোতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰি
পাৱৈ ছেণ্টাৰত বৰ্বৰ হত্যাকাণ্ড!  বাহনেৰে মহতিয়াই নি হত্যা এজন যুৱকক


তিনিচুকীয়া, ২১ এপ্ৰিল (হি.স.)। পাৱৈ ছেণ্টাৰত বৰ্বৰ হত্যাকাণ্ড! সাধাৰণ বাকবিতণ্ডাৰ ভয়ংকৰ পৰিণতি; বাহনেৰে মহতিয়াই নি হত্যা কৰা হ’ল এজন যুৱকক। পাৱৈ চেণ্টাৰত নিশাৰ আকাশ কঁপাই তোলা এক অতি নিষ্ঠুৰ কাণ্ডই এতিয়া সমগ্ৰ অঞ্চল টোতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

এজন যুৱকক পৰিকল্পিতভাৱে বাহনেৰে মহতিয়াই হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে। নিহত যুৱকজন তিনিচুকীয়া জিলাৰ অন্তৰ্গত পাৱৈ ছেণ্টাৰ'ৰ আকাশ তিৱাৰী। আকাশ সিং নামৰ যুৱকজনে এ এছ ০১ এছ চি ১৯৫১ নম্বৰৰ ট্ৰাকখনে খুণ্ডিয়াই হত্যা কৰে যুৱকজনক।

প্ৰত্যক্ষদৰ্শীৰ ভাষ্য অনুসৰি, যোৱানিশা আকাশ তিৱাৰী আৰু আকাশ সিঙৰ মাজত কোনো এটা বিষয় লৈ সামান্য তৰ্কাতৰ্কি হৈছিল। কিন্তু এই সাধাৰণ বিবাদেই যে ইমান ভয়াৱহ ৰূপ ল’ব, সেয়া কোনেও কল্পনা কৰা নাছিল। তৰ্কাতৰ্কিৰ পিছতে আকাশ সিঙে খঙত একো নাই হৈ ঘৰলৈ গৈ নিজৰ এ এছ ০১ এছ চি ১৯৫১ নম্বৰৰ টাকখন লৈ আহে।

আকাশ সিঙে পোনপ্ৰথমে আকাশ তিৱাৰীক তীব্ৰবেগী ট্ৰাকেৰে খুন্দা মাৰে। কেৱল খুন্দা মাৰিয়েই ক্ষান্ত নাথাকি, মাটিত পৰি যোৱা আকাশ তিৱাৰীৰ দেহৰ ওপৰেৰে বাৰে বাৰে গাড়ীখন অগাপিচা (To and Fro) কৰি নৃশংসভাৱে হত্যা কৰে। হত্যাকাৰীৰ এনে বৰ্বৰতাৰ ফলত থিতাতে প্ৰাণ হেৰুৱায় আকাশ তিৱাৰীয়ে।

হত্যাকাণ্ড সংঘটিত কৰি আকাশ সিঙে নিশাই মাৰ্ঘেৰিটা আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰে। অৱশ্যে, পৰৱৰ্তী সময়ত ডিগবৈ আৰক্ষীয়ে অভিযুক্তক নিজৰ জিম্মাত লয় বুলি জানিব পৰা গৈছে। বৰ্তমান ডিগবৈ আৰক্ষীয়ে ঘটনা সন্দৰ্ভত অধিক তথ্যৰ বাবে তদন্ত অব্যাহত ৰাখিছে।

আৰক্ষীয়ে ক্ষিপ্ৰতাৰে এই ঘটনাৰ অনুসন্ধান আগবঢ়াই নিছে।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande