
দৰং, ২১ এপ্ৰিল (হি.স.)। মঙলদৈ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় শৈক্ষিক পৰিৱেশ বিনষ্ট হোৱাৰ পৰিপ্ৰেক্ষিতত আছুই অনুষ্ঠিত কৰিলে নাগৰিক সভা। হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল নিম্ন মানৰ হোৱাৰ বাবেই এই নাগৰিক সভা।
বিদ্যালয়ৰ পাঠদান সময় মতে হব লাগিব ।প্ৰতিদিনে ৯ বজাত বিদ্যালয়ৰ গেটত তলা লগাব লাগিব। শিক্ষক মণ্ডলি সময়মতে বিদ্যালয়ত উপস্থিত হৈ পাঠদান কৰিব লাগিব। তেওঁলোকৰ উপস্থিতি পৰিচলনা সমিটিৰ সভাপতিয়ে নিৰক্ষণ কৰিব। তিনি মাহৰ অন্তৰালত অভিভাবক সভা অনুষ্ঠিত হব লাগিব। নতুনকৈ পৰিচলনা সমিতি গঠন কৰিব লাগিব।জিলা আয়ুক্ত, বিদ্যালয় সমূহৰ পৰিদৰ্শক , বিদ্যালয়ৰ শিক্ষা গোটৰ মাজত আৰু AASU ৰ উপস্থিতি পৰ্যালোচনা সভা অনুষ্ঠিত কৰিব আদি সিদ্ধান্ত গ্ৰহণ কৰে নাগৰিক সভাত ।
ঐতিহ্যমণ্ডিত মঙলদৈ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত চৰম অৰাজকতাই বিৰাজ কৰিছে।সোপাঢিলা প্ৰশাসন ব্যৱস্থা, শিক্ষক শিক্ষয়িত্ৰীৰ পাঠদানত অনীহা, বিদ্যালয় পৰিচালনা আৰু উন্নয়ন সমিতিৰ নিষ্ক্ৰিয়তাৰ বাবে ৪২ গৰাকী শিক্ষক শিক্ষয়িত্ৰী থকা বিদ্যালয়ৰ খনৰ বহু কেইগৰাকী শিক্ষক গুৱাহাটীত থাকি অহা যোৱা কৰি স্কুল কৰি আছে। তাৰ ফলত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ সদ্যঘোষিত ফলাফলত সৰ্বনিম্ন স্থান পায় ।
সদৌ দৰং জিলা ছাত্ৰ সন্থাৰ সভাপতি ৰাজু শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা নাগৰিক সভাত মঙলদৈৰ বহু কেইজন জ্যেষ্ঠ নাগৰিকৰ, শিক্ষাবিদ সাংবাদিক সহ শতাধিক ব্যক্তি উপস্থিত থাকি বিদ্যালয় খনৰ পূৰ্বৰ গৰীমা ওভতাই আনিবলৈ চেষ্টা কৰে।
উল্লেখযোগ্য যে হাইস্কুল শিক্ষান্ত পৰীক্ষাত এইবাৰ 105 গৰাকী পৰীক্ষাৰ্থীৰ ভিতৰত ৪১ গৰাকী পৰীক্ষাৰ্থী উত্তীৰ্ণ হৈছিল।
নাগৰিক সভাত কিছু উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱা পৰিলক্ষিত হয়।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা