
অভিনেতা জুনিয়ৰ এন টি আৰ আকৌ এবাৰ ডাঙৰ পৰ্দাত ধুমুহাৰ সষ্টি কৰিবলৈ সাজু । দেৱৰা ছবিখনৰ পিছত এতিয়া তেওঁ পৰিচালক প্ৰশান্ত নীলৰ পৰৱৰ্তী ছবিৰ বাবে বাতৰিৰ শিৰোনামা দখল কৰিছে। বহু অপেক্ষাৰ অন্তত প্ৰযোজকসকলে ছবিখনৰ প্ৰথমখন পোষ্টাৰ মুকলি কৰি জুনিয়ৰ এন টি আৰৰ শক্তিশালী ৰূপ প্ৰকাশ কৰিছে । মুক্তিৰ তাৰিখো আনুষ্ঠানিকভাৱে ঘোষণা কৰা হৈছে, যিয়ে অনুৰাগীৰ উত্তেজনা আৰু অধিক বৃদ্ধি কৰিছে ।
পোষ্টাৰখনত জুনিয়ৰ এন টি আৰক দীঘল চুলি আৰু ডাঠ দাড়িৰে নতুন ৰূপত দেখা গৈছে । ক’লা কুৰ্তা আৰু জেকেটত তেওঁৰ ছিৰিয়াছ লুকে ছবিখনৰ তীব্ৰ চৰিত্ৰৰ ইংগিত দিয়ে। পোষ্টাৰখনত লিখা আছে, যেতিয়া ধুমুহাই নিজৰ উদ্দেশ্য বিচাৰি পায়... নিৰ্মাতাসকলে ঘোষণা কৰে যে ছবিখনৰ প্ৰথম ৰূপ ২০ মে'ত মুক্তি পাব । ২০২৭ চনৰ ১১ জুনত বিশ্বৰ চিনেমাগৃহত মুক্তি পাব এই ছবিখনৰ এই বৃহৎ ঘোষণাৰ পিছতে অনুৰাগীসকলে ছ’চিয়েল মিডিয়াত পোষ্টাৰখনৰ প্ৰতি উৎসাহেৰে সঁহাৰি জনাইছে।
মৈত্ৰী মুভি মেকাৰছৰ বেনাৰত নিৰ্মিত এই ছবিখনত অনিল কাপুৰক খলনায়কৰ চৰিত্ৰত অভিনয় কৰা বুলি চৰ্চা চলিছে। শ্বাহিদ কাপুৰো এই প্ৰকল্পৰ সৈতে জড়িত বুলি চৰ্চা চলিছে। অৱশ্যে অভিনেতা-অভিনেত্ৰী সন্দৰ্ভত আনুষ্ঠানিক নিশ্চিতকৰণ এতিয়াও বাকী আছে। ইয়াৰ জৰিয়তে প্ৰশান্ত নীল আৰু জুনিয়ৰ এন টি আৰৰ আত্মপ্ৰকাশ আৰু ভৱিষ্যতৰ অন্যতম বৃহৎ প্যান ইণ্ডিয়া ছবি হ’ব বুলি আশা কৰা হৈছে।
हिन्दुस्थान समाचार / Manoj Kumar Saikia