
নতুন দিল্লী, ২১ এপ্ৰিল (হি.স.)। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আদি শংকৰাচাৰ্যৰ জন্ম বাৰ্ষিকীৰ শুভ উপলক্ষে মহান দাৰ্শনিক তথা আধ্যাত্মিক গুৰু আদি শংকৰাচাৰ্যক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত দিয়া বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয় যে আদি শংকৰাচাৰ্য ভাৰতৰ অন্যতম শ্ৰেষ্ঠ আধ্যাত্মিক ব্যক্তি, যাৰ শিক্ষা, চিন্তা, অদ্বৈত বেদান্তৰ দৰ্শনে সমগ্ৰ বিশ্বৰ অগণন লোকক পথ প্ৰদৰ্শন কৰি আহিছে।
তেওঁ কয় যে শংকৰাচাৰ্যই সমন্বয়, অনুশাসন আৰু সকলো অস্তিত্বৰ ঐক্যৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল । তেওঁৰ এই প্ৰচেষ্টাই আধ্যাত্মিক চিন্তাধাৰাক পুনৰ সজীৱ কৰি তুলিছিল আৰু সমগ্ৰ দেশতে আধ্যাত্মিক কেন্দ্ৰ স্থাপন কৰি স্থায়ী প্ৰেৰণা প্ৰদান কৰিছিল ।
প্ৰধানমন্ত্ৰীয়ে তেওঁৰ বাৰ্তাত আদি শংকৰাচাৰ্যৰ প্ৰেৰণা আৰু প্ৰজ্ঞাই মানুহৰ পথ আলোকিত কৰি সত্য, মমতা, সামূহিক কল্যাণৰ প্ৰতি সমাজক দায়বদ্ধ কৰি ৰাখিবলৈ কামনা কৰে ।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া