কাকীত যজ্ঞ কনষ্ট্ৰাকচনৰ উদ্যোগত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ শিক্ষাৰ্থীক সম্বৰ্ধনা
হোজাই, ২১ এপ্ৰিল (হি.স.)। যজ্ঞ কনষ্ট্ৰাকচনৰ উদ্যোগত লংকাৰ ২নং কাকীত সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ ৰাজ্যখনৰ একাংশ শিক্ষাৰ্থীক সম্বৰ্ধনা জনোৱা হয় । সাংবাদিক চক্ৰপাণি পৰাশৰ আৰু অভিনেত্ৰী অমৃতা গগৈয়ে আগধৰা উক্ত অনুষ্ঠানটোত মুখ্য বক্
কাকীত যজ্ঞ কনষ্ট্ৰাকচনৰ উদ্যোগত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ শিক্ষাৰ্থীক সম্বৰ্ধনা


হোজাই, ২১ এপ্ৰিল (হি.স.)। যজ্ঞ কনষ্ট্ৰাকচনৰ উদ্যোগত লংকাৰ ২নং কাকীত সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ ৰাজ্যখনৰ একাংশ শিক্ষাৰ্থীক সম্বৰ্ধনা জনোৱা হয় । সাংবাদিক চক্ৰপাণি পৰাশৰ আৰু অভিনেত্ৰী অমৃতা গগৈয়ে আগধৰা উক্ত অনুষ্ঠানটোত মুখ্য বক্তা হিচাপে উপস্থিত থাকে সাহিত্যিক, সমালোচক ময়ূৰ বৰা । উক্ত অনুষ্ঠানত ৰাজ্যখনৰ একাংশ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ শিক্ষাৰ্থীক অসমীয়াৰ স্বাভিমান ফুলাম গামোচা, চেলেং, জাপি, মানপত্ৰ আৰু নাহৰ গছৰ পুলিৰে সম্বৰ্ধনা জ্ঞাপন কৰা হয় ।

ৰাজ্যখনৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থানপ্ৰাপ্ত ৪ গৰাকী শিক্ষাৰ্থীক সম্বৰ্ধনা দিয়াৰ লগতে ২৫ হাজাৰ টকা নগদ ধন দিয়া হয় । ৰাজ্যখনৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৯০% লাভ কৰা আৰ্থিক ভাবে দুৰ্বল ৫০ গৰাকী শিক্ষাৰ্থীক সম্বৰ্ধনা জনোৱা লগতে ১০ হাজাৰতকৈ নগদ ধন দিয়া হয় । আৰু বৃহত্তৰ কাকী অঞ্চলটোৰ ৬০ গৰাকী প্ৰথম বিভাগত উত্তীৰ্ণ শিক্ষাৰ্থীক সম্বৰ্ধনা জনোৱা লগতে নগদ ২ হাজাৰ টকাকৈ প্ৰদান কৰা হয় ।

---------------

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande