মল্লিকাৰ্জুন কেলগড়েয়ে ৭৫ বছৰ বয়সত পালি ভাষা পৰীক্ষাত লাভ কৰে অসাধাৰণ সফলতা
বিজয়াপুৰ, ২১ এপ্ৰিল (হি.স.)। কৰ্ণাটকৰ বিজয়াপুৰৰ বাসিন্দা তথা তথ্য বিভাগৰ অৱসৰপ্ৰাপ্ত জ্যেষ্ঠ বিষয়া মল্লিকাৰ্জুন কেলগড়য়ে ৭৫ বছৰ বয়সত পালি ভাষা পৰীক্ষাত উল্লেখযোগ্য সফলতা লাভ কৰি আদৰ্শ দাঙি ধৰিছে ।তেওঁৰ এই কৃতিত্বই প্ৰমাণ কৰে যে শিক্ষাৰ বাবে বয়
ಮಲ್ಲಿಕಾರ್ಜುನ


বিজয়াপুৰ, ২১ এপ্ৰিল (হি.স.)। কৰ্ণাটকৰ বিজয়াপুৰৰ বাসিন্দা তথা তথ্য বিভাগৰ অৱসৰপ্ৰাপ্ত জ্যেষ্ঠ বিষয়া মল্লিকাৰ্জুন কেলগড়য়ে ৭৫ বছৰ বয়সত পালি ভাষা পৰীক্ষাত উল্লেখযোগ্য সফলতা লাভ কৰি আদৰ্শ দাঙি ধৰিছে ।তেওঁৰ এই কৃতিত্বই প্ৰমাণ কৰে যে শিক্ষাৰ বাবে বয়সৰ কোনো সীমা নাই ।

পালি ভাষাৰ প্ৰতি থকা গভীৰ আগ্ৰহৰ পিছত মল্লিকাৰ্জুন কেলগড়ে সিদ্ধাৰ্থ বিহাৰ ট্ৰাষ্টৰ দ্বাৰা পৰিচালিত আন্তৰ্জাতিক পালি, সংস্কৃত আৰু তুলনামূলক দৰ্শন প্ৰতিষ্ঠানত নামভৰ্তি কৰে । নিষ্ঠা আৰু কঠোৰ পৰিশ্ৰমেৰে এবছৰীয়া ডিপ্লমা পাঠ্যক্ৰম সম্পূৰ্ণ কৰি পৰীক্ষাত অৱতীৰ্ণ হয় ।

মুঠ ৫০০ নম্বৰৰ ভিতৰত ৪০৩ নম্বৰ লাভ কৰি তেওঁ পৰীক্ষাত এক উৎকৃষ্ট স্থান দখল কৰে। এই কৃতিত্বৰ বাবে তেওঁক কৰ্ণাটক সাংস্কৃতিক বিশ্ববিদ্যালয়ে প্ৰমাণ পত্ৰৰে সন্মানিত কৰে ।

পালিক প্ৰাচীন ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি দিয়া হৈছে আৰু ভগৱান বুদ্ধৰ শিক্ষা আৰু ত্ৰিপিটক গ্ৰন্থসমূহ বুজিবলৈ ইয়াক অতি গুৰুত্বপূৰ্ণ বুলি গণ্য কৰা হয় । এই কঠিন ভাষাত সফলতা লাভ কৰাটো তেওঁৰ কঠোৰ পৰিশ্ৰম আৰু নিষ্ঠাৰ প্ৰমাণ ।

এই প্ৰেৰণাদায়ক কৃতিত্বৰ বাবে মল্লিকাৰ্জুন কেলগাডেৰ বন্ধু-বান্ধৱী, পৰিয়াল, শুভাকাংক্ষীসকলে আনন্দ প্ৰকাশ কৰি অভিনন্দন জ্ঞাপন কৰিছে । তেওঁৰ এই সফলতা যুৱ-যুৱতী আৰু জ্যেষ্ঠ নাগৰিক উভয়ৰে বাবে প্ৰেৰণা হিচাপে পৰিগণিত হৈছে ।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande