
হোজাই, ২১ এপ্ৰিল (হি.স.)। অসমৰ শিক্ষা আৰু ক্ৰীড়া-সাংস্কৃতিক ক্ষেত্ৰত প্ৰায়ে নতুন প্ৰতিভাই উদ্ভাসিত হৈ অহাৰ মাজতে এইবাৰ কামপুৰ যমুনামুখৰ ডেৰ-বছৰীয়া এটি শিশুৰ অভূতপূৰ্ব কৃতিত্বই সকলোকে আশ্চৰ্যচকিত কৰিছে । যমুনামুখৰ ডেৰ-বছৰীয়া আৰহাম আহমেদে তেওঁৰ অসাধাৰণ বুদ্ধিমত্তা আৰু স্মৃতি শক্তিৰ জৰিয়তে ২০২৫–২৬ বৰ্ষৰ আছাম বুক অৱ ৰেকৰ্ডচ (Assam Book of Record)ৰ অধীনত “প্ৰাথমিক শিক্ষণ কৃতিত্ব” (Early Learning Achievement) শাখাত ৰাজ্যিক ৰেকৰ্ড স্থাপন কৰি সমগ্ৰ অঞ্চলটোক গৌৰৱান্বিত কৰিছে ।
যমুনামুখ বৰজাৰী মাজগাঁও তথা আমতলা অঞ্চলৰ বাসিন্দা ৰফিক উদ্দিন আৰু মৌচুমি বেগমৰ একমাত্ৰ পুত্ৰ আৰহামে ৩০ ছেকেণ্ডত ১৩ টা মানৱ শৰীৰৰ অংগ আৰু ১৫০ ছেকেণ্ডত নিত্য ব্যৱহাৰ্য ৪৫ টা বিভিন্ন সামগ্ৰী চিনাক্ত কৰি এই কৃতিত্ব লাভ কৰিছে । অসাধাৰণ আৰহামৰ এই কৃতিত্বত সমগ্ৰ যমুনামুখ অঞ্চলত আনন্দৰ জোৱাৰ উঠিছে ।
---------------
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা