
শোণিতপুৰ, ২১ এপ্ৰিল (হি.স.)। শোণিতপুৰ জিলাৰ তেজপুৰৰ মাজগাঁওস্থিত ডৰিকা হাস্পতালৰ তৃতীয় মহলাত থকা শংকৰ কেন্সাৰ এণ্ড ৰিচাৰ্ছ ইনষ্টিটিউট (Shankara Cancer and Research Institute)ত আজি মঙলবাৰে এটি অত্যাধুনিক প্ৰাপ্তবয়স্কৰ টিকাদান কেন্দ্ৰ (Adult Vaccination Centre) আনুষ্ঠানিকভাৱে মুকলি কৰা হয়। শংকৰ কেন্সাৰ এণ্ড ৰিছাৰ্চ ইনষ্টিটিউটৰ সঞ্চালক তথা কৰ্কট ৰোগ বিশেষজ্ঞ ডাঃ ভেংকট প্ৰদীপ বাবু, বিশিষ্ট মানসিক ৰোগ বিশেষজ্ঞ, তেজপুৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আঞ্চলিক মানসিক স্বাস্থ্য প্ৰতিষ্ঠানৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ডাঃ অপৰাজিতা বৰুৱাৰ লগতে একাংশ চিকিৎসক, স্বাস্থ্যকৰ্মী আৰু বিশিষ্ট ব্যক্তিৰ উপস্থিতিত এই ভেকচিন কেন্দ্ৰটি আনুষ্ঠানিকভাৱে ফিটা কাটি উদ্ঘাটন কৰে কনকলতা অসামৰিক চিকিৎসালয়ৰ অৱসৰপ্ৰাপ্ত অধীক্ষক তথা শোণিতপুৰ জিলাৰ প্ৰথমগৰাকী এনাস্হেচিয়ল'জিষ্ট ডা০ অনুপ কুমাৰ ভট্টাচাৰ্য্যই ।
উল্লেখ্য যে, এই কেন্দ্ৰটোত এতিয়াৰে পৰা প্ৰাপ্ত বয়স্কসকলৰ বাবে প্ৰয়োজনীয় বিভিন্ন প্ৰতিষেধক, যেনে— শ্বিংগলছ (Shingles), ইনফ্লুৱেঞ্জা (Influenza), নিউম’ক’কেল (Pneumococcal), সৰু আই (Measles) আৰু হেপাটাইটিছ (Hepatitis) আদিৰ দৰে গুৰুত্বপূৰ্ণ ভেকচিনসমূহ উপলব্ধ হ’ব। উল্লেখ্য যে, ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় স্বাস্থ্য নিৰ্দেশনা, যেনে— চেন্টাৰ ফৰ ডিজিজ কনট্ৰ’ল (CDC) আৰু এচ’চিয়েচন অফ ফিজিশিয়ান অফ ইণ্ডিয়া (API)-এ প্ৰতিগৰাকী প্ৰাপ্তবয়স্ক লোকে সময়মতে আৰু নিয়মীয়াকৈ প্ৰয়োজনীয় ভেকচিন গ্ৰহণ কৰাৰ বাবে গুৰুত্বপূৰ্ণ পৰামৰ্শ আগবঢ়াই আহিছে। প্ৰাপ্তবয়স্ক অৱস্থাত লোৱা এই ভেকচিনসমূহে বিভিন্ন মাৰাত্মক সংক্ৰামক ৰোগৰ বিৰুদ্ধে শৰীৰক সুৰক্ষা প্ৰদান কৰে।
এই কেন্দ্ৰটো মুকলি হোৱাৰ ফলত তেজপুৰ তথা ইয়াৰ কাষৰীয়া অঞ্চলৰ সৰ্বসাধাৰণ ৰাইজে এতিয়া নিজৰ ঘৰৰ ওচৰতে অতি সুলভ মূল্যত এই বিশেষ ভেকচিনসমূহ গ্ৰহণ কৰিবলৈ সক্ষম হ’ব। ই অঞ্চলটোৰ স্বাস্থ্য সচেতন লোকসকলৰ বাবে এক অতি আশাপ্ৰদ খবৰ হিচাপে বিবেচিত হৈছে। সবিশেষ যোগাযোগৰ : শংকৰ কেন্সাৰ এণ্ড ৰিচাৰ্ছ ইনষ্টিটিউট, তৃতীয় মহলা, ডৰিকা হাস্পতাল, মাজগাঁও, তেজপুৰ। ফোন নম্বৰ: ৮০৯৯০০১৫৬৫ ।
হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ