
গুৱাহাটী, ২১ এপ্ৰিল, (হি.স.)। গুৱাহাটী উচ্চ ন্যায়ালয়ত নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ জেষ্ঠ নেতা পৱন খেড়াৰ জামিন আবেদনৰ শুনানী। পৱন খেড়াৰ হৈ যুক্তি দৰ্শাই কংগ্ৰেছৰ জেষ্ঠ অধিবক্তা অভিষেক মনু সিংভী আৰু কমল নাৰায়ন চৌধুৰী।
অসম আৰক্ষীৰ পক্ষত যুক্তি দৰ্শাই মহাধিৱক্তা দেৱজিত লন শইকিয়াই।অৱশ্যে আদালতে দুয়ো পক্ষৰ যুক্তি শুনাৰ পিছত আজি ৰায়দান সংৰক্ষিত ৰাখিছে।
পিছত সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত অসম আৰক্ষীৰ গোচৰ ৰাজনৈতিক প্ৰতিশোধ বুলি অভিহীত কৰে পৱন খেড়াৰ অধিবক্তাই।আৰক্ষীৰ গোচৰ নিৰ্বাচন কেন্দ্ৰীক আৰু পৱন খেড়াৰ ভাবমূৰ্তী বিনষ্ট কৰাৰ প্ৰয়াস বুলি অভিযোগ কৰে।
আনহাতে অসম আৰক্ষীৰ পক্ষত যুক্তি প্ৰদৰ্শন কৰা মহাধিৱক্তা দেৱজিত লন শইকিয়াই কয় যে, খেড়াই নথি জালিয়তি কৰি আৰু প্ৰৱঞ্চনা কৰি গুৰুতৰ অপৰাধ কৰিছে। তেওক জামিন প্ৰদান কৰা উচিত নহয়। অসমৰ মুখ্যমন্ত্ৰী আৰু তেওৰ পত্নীৰ ভাবমুৰ্তী বিনষ্ঠ কৰিবলৈ তেও একাংশ ভুৱা,জাল নথি পত্ৰৰ আশ্ৰয় লোৱা বুলি অভিযোগ কৰে।
তেওক গ্ৰেপ্তাৰ কৰাটো উদ্দেশ্য নহই কিন্ত তেও(খেড়া)ই সংবাদ মেলত প্ৰদৰ্শন কৰা জাল পাচপোৰ্ট,নথিপত্ৰ সমূহৰ ওপৰত আৰক্ষীৰ এক অনুসন্ধানৰ প্ৰয়োজন বুলি মহাধিৱক্তা গৰাকী উল্লেখ কৰে। পৱন খেড়াৰ বিৰুদ্ধে ভাৰতীয় ন্যায় সংহিতাৰ অধিনত জালিয়াতি,প্ৰৱঞ্চনা,মানহানি বিষয়ত কেইবাটাও গোচৰ ৰজু কৰা হৈছে।
হিন্দুস্থান সমাচাৰ / ৰমেন বৰ্মণ