
শোণিতপুৰ, ২১ এপ্ৰিল (হি.স.)। তেজপুৰ পটিয়াচুবুৰিৰ ৰায়বাহাদুৰ পথ নিবাসী ৫০ বছৰীয়া গকুল বৰুৱা নামৰ ব্যক্তি এগৰাকী যোৱা ১৯ এপ্ৰিল দেওবাৰে পুৱা নিজৰ কৰ্মস্থলীলৈ ওলাই যোৱাৰ পিছত আজিলৈকে নিৰুদ্দিষ্ট হৈ থকাত পৰিয়ালটো শংকিত হৈ পৰিছে । উল্লেখ্য যে তেজপুৰ চাৰিআলিৰ নিজন বিস্কুট প্ৰতিষ্ঠানত মেনেজাৰ হিচাপে কৰ্মৰত গকুল বৰুৱা আন দিনাৰ দৰে সেইদিনাও পুৱা অফিচৰ একে সময়তে ঘৰৰ পৰা নিজৰ এ এচ ১২ এইচ -৭৯০৭ নম্বৰৰ মটৰ চাইকেলখনেৰে ওলাই যোৱাৰ পিছত সন্ধিয়ালৈকে ঘূৰি নহাত পত্নী বৰ্ণালী বৰুৱাই মোবাইল ফোনেৰে যোগাযোগ কৰি ফোনৰ চুইছ অফ পোৱাৰ পিছত স্বামীৰ সন্ধানৰ বাবে বিভিন্ন ঠাইত বিচাৰ খোচাৰ কৰাৰ পিছত ৰুদ্ৰপদত মটৰ চাইকেলখন উদ্বাৰ কৰিবলৈ সক্ষম হোৱাত লগে লগে স্হানীয় চানমাৰী আৰক্ষীক অৱগত কৰে ।আৰক্ষীয়েও ততাতৈয়াকৈ লোকজনৰ সন্ধানত নামি পৰে যদিও আজিলৈকে কোনোধৰণৰ সন্ধান লাভ কৰিবলৈ সক্ষম হোৱা নাই ।উল্লেখ্য যে ইয়াৰ পৰৱৰ্তী সময়ত পত্নী বৰ্ণালী বৰুৱাই কছাৰীগাঁও আৰক্ষী চকীত এজাহাৰ দাখিল কৰাৰ পিছত সেই নিশাৰ পৰা বৰ্তমানলৈকে এছ ডি আৰ এফ আৰু এন ডি আৰ এফ বাহিনীয়ে ৰুদ্ৰপদৰ পৰা ব্ৰহ্মপুত্ৰৰ বুকুত অভিযান চলাই আছে যদিও গকুল বৰুৱাৰ কোনো সন্ধান উলিয়াবলৈ সক্ষম হোৱা নাই ।দ্বাদশ শ্ৰেণী উত্তীৰ্ণ ২২ বছৰীয়া এজন পুত্ৰ আৰু ষষ্ঠ শ্ৰেণীত পঢ়ি থকা ১২ বছৰীয়া এজনী কন্যা সন্তান থকা গকুল বৰুৱাৰ কোনোধৰণৰ পাৰিবাৰিক কন্দল নাছিল বুলি আজি পত্নী বৰ্ণালী বৰুৱাই নিউজৰ আগত সদৰি কৰি নিৰুদ্দিষ্ট হোৱাৰ দিন ধৰি আৰক্ষীয়ে পৰিয়ালটোক যথেষ্ট সহযোগিতা আগবঢ়াই আহিছে বুলি মন্তব্য এনেদৰে মন্তব্য কৰে ।
হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ