
বিশ্বনাথ, ২১ এপ্ৰিল (হি.স.)। ঠিকাদাৰৰ মইমতালিৰ বাবে যমৰ যাতনা ভুগিব লগা হৈছে সৰ্বসাধাৰণ ৰাইজ । স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ পৰা আৰম্ভ কৰি সকলো ৰাইজে একাঠু বোকা পানী ফালি যাতায়ত কৰিব লগাৰ সৃষ্টি হৈছে । গহপুৰ সমষ্টিৰ নেপালী পথাৰ নামৰ অঞ্চলটোৰ ভোলা চেন্টাৰৰ পৰা এম ভি স্কুললৈকে থকা ৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ পথটো প্ৰায় ৩ মাহ পূৰ্বে পুনৰ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰিছিল ।
কিন্তু ঠিকাদাৰ বিমল শৰ্মায়ে সম্পূৰ্ণ পথচোৱা খান্দি পেলালে ঠিকে কিন্তু পথটো নিৰ্মাণ কাৰ্য আৰম্ভ নকৰাৰ বাবে সামান্য এজাক বৰষুণ দিলে একাঠু পৰ্যন্ত বোকা হয় । বহু বাৰ ধৰি লোক নিৰ্মান বিভাগ আৰু ঠিকাদাৰক ৰাইজে কাকূতি মিনতি কৰিছে যদিও পথটোৰ নিৰ্মাণৰ বাবে কৰা ৰাইজৰ আবেদনলৈ কোনো গুৰুত্ব দিয়া নাই । বৃহত্তৰ অঞ্চলটোৰ ৰাইজৰ মাজত হাহাকাৰৰ সৃষ্টি হৈছে । ঠিকাদাৰ বিমল শৰ্মাৰ এনে উদ্ভণ্ডালিৰ পাছতো লোক নিৰ্মান বিভাগৰ বৰমূৰীয়া সকলে কিয় নিৰব হৈ আছে ইয়াকে লৈ ৰাইজৰ মাজত বিভিন্ন প্ৰশ্ন উত্থাপন হৈছে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ