লংকাৰ কাকীত হাইস্কুল শিক্ষান্ত পৰীক্ষাত কৃতিত্বৰে উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীক বিশেষ সম্বৰ্ধনা
হোজাই, ২১ এপ্ৰিল (হি.স.)। লংকাৰ কাকীত যজ্ঞ কনষ্ট্ৰাকচনৰ উদ্যোগত হাইস্কুল শিক্ষান্ত পৰীক্ষাত কৃতিত্বৰে উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীক বিশেষ সম্বৰ্ধনা।ৰাজ্যখনৰ অন্যতম এক গৃহনিৰ্মাণ প্ৰতিষ্ঠান যজ্ঞ কনষ্ট্ৰাচনে দ্বিতীয়বাৰৰ বাবে এই অনুষ্ঠান আয়োজন কৰি ১১৪ গৰাকী
লংকাৰ কাকীত হাইস্কুল শিক্ষান্ত পৰীক্ষাত কৃতিত্বৰে উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীক বিশেষ সম্বৰ্ধনা


হোজাই, ২১ এপ্ৰিল (হি.স.)। লংকাৰ কাকীত যজ্ঞ কনষ্ট্ৰাকচনৰ উদ্যোগত হাইস্কুল শিক্ষান্ত পৰীক্ষাত কৃতিত্বৰে উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীক বিশেষ সম্বৰ্ধনা।ৰাজ্যখনৰ অন্যতম এক গৃহনিৰ্মাণ প্ৰতিষ্ঠান যজ্ঞ কনষ্ট্ৰাচনে দ্বিতীয়বাৰৰ বাবে এই অনুষ্ঠান আয়োজন কৰি ১১৪ গৰাকী কৃতি ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা আৰু অভিনন্দন জ্ঞাপন কৰে।

সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথম তিনিটা স্থানপ্ৰাপ্ত চাৰিগৰাকী কৃতি ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা দিয়াৰ লগতে ২৫ হাজাৰ টকাৰ নগদ ধন আগবঢ়োৱা হয়।ইয়াৰোপৰি, ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ ৯০ শতাংশ লাভ কৰা আৰ্থিক ভাবে দুৰ্বল ৫০ গৰাকী শিক্ষাৰ্থীক সম্বৰ্ধনা ও নগদ ১০ হাজাৰকৈ আৰু বৃহত্তৰ কাকী অঞ্চলটোৰ ৬০ গৰাকী প্ৰথম বিভাগত উত্তীৰ্ণ শিক্ষাৰ্থীক সম্বৰ্ধনা ও নগদ ২ হাজাৰ টকাকৈ প্ৰদান কৰা হয়।অনুষ্ঠানৰ পূৰ্বে জুবিন গাৰ্গৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধা অঞ্জলি দিয়াৰ লগতে নাহৰৰ পুলি ৰোপণ কৰে ।যজ্ঞ কনষ্ট্ৰাচনৰ ২ নং কাকীস্থিত কাৰ্যালয় চৌহদত অনুষ্ঠিত সম্বৰ্ধনা অনুষ্ঠানটিত উপস্থিত থাকে বিশিষ্ট সাহিত্যিক,সমালোচক ময়ুৰ বৰা।অনুষ্ঠানটি আঁতধৰে সাংবাদিক চক্ৰপাণি পৰাশৰ আৰু অভিনেত্ৰী অমৃতা গগৈয়ে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande