
শ্ৰীভূমি, ২১ এপ্ৰিল (হি.স.)। শ্ৰীভূমিৰ বদৰপুৰত ড্ৰাগছ সহ দুজন সৰবৰাহকাৰীক আটক। ব'হাগ মাহৰ বৰদৈচিলাৰ তাণ্ডৱৰ মাজতে বৰাক উপত্যকাত ড্ৰাগছৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান অব্যাহত ৰাখিছে আৰক্ষীয়ে। সোমবাৰে নিশা শ্ৰীভূমি জিলাৰ বদৰপুৰ আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি ষ্টেচন ৰোডৰ পৰা দুজন ড্ৰাগছ সৰবৰাহকাৰী যুৱকক আটক কৰিবলৈ সক্ষম হোৱাৰ লগতে তেওঁৰ পৰা উদ্ধাৰ কৰিব সক্ষম হৈছে মুঠ ১১টা চাবোনৰ কেছ।
মুঠ ১৩১গ্ৰাম হেৰোইন জব্দ কৰে আৰক্ষীয়ে। আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হোৱা দুই ড্ৰাগছ সৰবৰাহকাৰী যুৱকৰ নাম হ'ল আবুল হুছেইন চৌধুৰী আৰু কাজল আহমদ। দুয়োৰে ঘৰ শ্ৰীভূমি জিলাৰ তালতলা গাঁৱত। তেওঁলোকে ড্ৰাগছ খিনি কৰ পৰা সৰবৰাহ কৰিছিল আৰু কত লৈ যাব আহিছিল এই বিষয়ে অধিক তথ্য উলিয়াবলৈ বদৰপুৰ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা