(আপডেট) ত্ৰিপুৰাত মা সৌন্দৰ্য চিন্ময়ী মন্দিৰ উদ্বোধন ডা:মোহন ভাগৱতৰ
শক্তিৰ লগতে ভক্তিৰো প্ৰয়োজন আগৰতলা, ২১ এপ্ৰিল (হি.স.)। ত্ৰিপুৰাৰ পশ্চিম ত্ৰিপুৰা জিলাৰ মোহনপুৰ মহকুমাৰ অন্তৰ্গত ফকিৰমুৰা গাঁৱত আদি শংকৰাচাৰ্যৰ শুভ দিনটোত মা ত্ৰিপুৰেশ্বৰীৰ প্ৰতি উৎসৰ্গিত মা সৌন্দৰ্য চিন্ময়ী মন্দিৰ আজি উদ্বোধন কৰে ৰাষ্ট্ৰীয় স্
ত্ৰিপুৰাত মা সৌন্দৰ্য চিন্ময়ী মন্দিৰ উদ্বোধন ডা:মোহন ভাগৱতৰ


শক্তিৰ লগতে ভক্তিৰো প্ৰয়োজন

আগৰতলা, ২১ এপ্ৰিল (হি.স.)। ত্ৰিপুৰাৰ পশ্চিম ত্ৰিপুৰা জিলাৰ মোহনপুৰ মহকুমাৰ অন্তৰ্গত ফকিৰমুৰা গাঁৱত আদি শংকৰাচাৰ্যৰ শুভ দিনটোত মা ত্ৰিপুৰেশ্বৰীৰ প্ৰতি উৎসৰ্গিত মা সৌন্দৰ্য চিন্ময়ী মন্দিৰ আজি উদ্বোধন কৰে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সৰসংঘচালক ডা: মোহন ভাগৱতে ৷ এই উপলক্ষে আৰ এছ এছৰ সৰসংঘচালক ডা° মোহন ভাগৱতে চিন্ময়া হৰিহৰা বিদ্যালয়ত সম্পূৰ্ণ বিনামূলীয়া শিক্ষা প্ৰদানৰ উদ্দেশ্যক অতি শলাগ লয়। অনুষ্ঠানত মুখ্য অতিথি হিচাপে দিয়া ভাষণত মোহন ভাগৱতে গৰিয়া পূজাৰ শুভ দিনটোত উপস্থিত থকা দৰ্শকক ধন্যবাদ জনাই কয়- জ্ঞানৰ অৰ্থ ভাষণ নহয়; জ্ঞান হ'ল বুজাবুজি।

তেওঁ কয় যে দুহাজাৰ বছৰ ধৰি সমগ্ৰ বিশ্বই বিজ্ঞানৰ পৰা সমাজবাদলৈকে বহুতো দৰ্শনৰ পৰীক্ষা-নিৰীক্ষাৰ মাজেৰে পাৰ হৈ আহিছে। কিন্তু বৰ্তমান সময়ত পৃথিৱীয়ে উপলব্ধি কৰিছে যে আজি পৃথিৱীখনক জীৱনৰ প্ৰতি ভাৰতৰ দৃষ্টিভংগীৰ প্ৰয়োজন। সেইবাবেই আজি বিশ্বক ভাৰতৰ প্ৰয়োজন। তেওঁ পুনৰ মন্তব্য কৰে যে সনাতন ধৰ্মই সমগ্ৰ বিশ্বক সঠিক দিশ দেখুৱাইছে। মন্দিৰসমূহ ভাৰতীয় সামাজিক জীৱনৰ কেন্দ্ৰবিন্দু। আজি শক্তিৰ সমান্তৰালকৈ ভক্তিৰো প্ৰয়োজন। তদুপৰি সকলোৰে লগত মিলি সকলোৰে সেৱা কৰাৰ মনোভাৱ থকাসকলক সমাজে স্মৰণ কৰে। এয়াই হৈছে ভাৰতৰ সংস্কৃতি।

সৰসংঘচালক গৰাকীয়ে মন্তব্য কৰে যে দক্ষিণৰ চাৰিখন ৰাজ্যই সর্বাধিক সেৱা কার্যত নিয়োজিত বুলি প্ৰকাশ কৰি কয় যে আমাৰ মাজত বহু যুগৰ পৰা বৈচিত্ৰ্য আছিল। তেতিয়াৰ পৰা আমি এক হৈ আছো। বৈচিত্ৰ্যত ঐক্য আমাৰ শক্তি। কিন্তু ভাৰতৰ এই উত্থান ৰোধ কৰিবলৈ বাহ্যিক শক্তিসমূহে আমাৰ মাজত বিভাজন সৃষ্টি কৰিবলৈ চেষ্টা কৰিছে বুলি মোহন ভাগৱত কয়। এইক্ষেত্ৰত তেখেতে সকলোকে সাৱধান হ’বলৈ আহ্বান জনায়। সৰসংঘচালক নিজৰ ভাষণ প্ৰসংগত পুনৰ কয় যে, আজিৰ যুগত কেৱল সত্যৰ অধিকাৰী হোৱাটোৱেই যথেষ্ট নহয়; সেই সত্য প্ৰতিষ্ঠা কৰিবলৈ শক্তিৰ প্ৰয়োজন। ভাৰতৰ শক্তি ইয়াৰ সংস্কৃতিৰ ভিতৰত নিহিত হৈ আছে। অৱশ্যে ভাৰতে কেতিয়াও আগ্ৰাসী মানসিকতা আশ্ৰয় দিয়া নাই। ভাৰতে ধাৰাবাহিকভাৱে শান্তি আৰু ভাতৃত্ববোধৰ পোষকতা কৰি আহিছে - আজিৰ যুদ্ধবিধ্বস্ত পৃথিৱীখনত যি শান্তিৰ অতি জৰুৰী প্ৰয়োজন। ঠিক এই ক্ষেত্ৰতে ভাৰতে কাম কৰি আছে।

ভাৰতৰ ঋষি আৰু দ্ৰষ্টাসকলে ভাৰতে আকোৱালি লোৱা ঐশ্বৰিক পূজাৰ প্ৰতি যি অনন্য দৃষ্টিভংগীৰে দেশৰ সামাজিক তন্ত্ৰৰ প্ৰতিটো কোণত সেৱা কৰাৰ কাম হাতত লৈছিল - যিটোৰ বৈশিষ্ট্য হৈছে নদী, পাহাৰ, পৰ্বতকে ধৰি প্ৰকৃতিৰ প্ৰতি গভীৰ শ্ৰদ্ধা আৰু এই কীৰ্তিচিহ্নস্বৰূপ প্ৰচেষ্টা এদিনতে সম্পন্ন নহ’ল। সেই উন্নত অভিযানটো এক অবিৰত প্ৰক্ৰিয়া হৈ আহিছে বুলিও ডা: মোহন ভাগৱতে উল্লেখ কৰে৷

হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী


 rajesh pande