ধুবুৰী জৰুৱাৰ চৰৰ সন্ধানহীন ৭ জনক উদ্ধাৰ বন্দিহানা আৰক্ষীৰ
ধুবুৰী, ২১ এপ্ৰিল (হি.স.)। ধুবুৰী জৰুৱাৰ চৰৰ সন্ধানহীন ৭ জনক উদ্ধাৰ বন্দিহানা আৰক্ষীৰ। বন্দিহানা আৰক্ষীয়ে কোকৰাঝাৰ জিলাৰ ফকিৰাগ্ৰাম ৰেল ষ্টেছন আৰু বঙাইগাঁও জিলাৰ কাবাইটাৰীত অভিযান চলাই উদ্ধাৰ কৰে সদস্য কেইজনক। কিছুদিন পূৰ্বে বাবদৰ আলী নামৰ ব্যক্ত
ধুবুৰী জৰুৱাৰ চৰৰ সন্ধানহীন ৭ জনক উদ্ধাৰ বন্দিহানা আৰক্ষীৰ


ধুবুৰী, ২১ এপ্ৰিল (হি.স.)। ধুবুৰী জৰুৱাৰ চৰৰ সন্ধানহীন ৭ জনক উদ্ধাৰ বন্দিহানা আৰক্ষীৰ।

বন্দিহানা আৰক্ষীয়ে কোকৰাঝাৰ জিলাৰ ফকিৰাগ্ৰাম ৰেল ষ্টেছন আৰু বঙাইগাঁও জিলাৰ কাবাইটাৰীত অভিযান চলাই উদ্ধাৰ কৰে সদস্য কেইজনক।

কিছুদিন পূৰ্বে বাবদৰ আলী নামৰ ব্যক্তি গৰাকীৰ দুজনী পত্নী আৰু পাঁচজনকৈ সন্তান ঘৰৰ পৰাই নিৰুদেশ হৈছিল।

এই সংক্ৰান্তত পৰিয়ালৰ লোকে বন্দিহানা আৰক্ষী চকীত নিৰুদেশ হোৱা বুলি এজাহাৰ দাখিল কৰিছিল ।

বন্দিহানা আৰক্ষীয়ে এজাহাৰ ভিক্তিত ফকিৰাগ্ৰাম ৰেল ষ্টেছনত এজন পত্নী সহ তিনি সন্তান আৰু কাবাইটাৰীৰ আত্মীয় ঘৰৰ পৰা আন এজন পত্নীসহ দুই সন্তানক উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande