
ধুবুৰী, ২১এপ্ৰিল (হি.স.)। ধুবুৰীৰ গৌৰীপুৰ-টিয়ামাৰী সংযোগী ৰেল বিভাগৰ সুৰংগ পথৰ দুৰাৱস্থাই জিয়াতু ভোগাইছে সৰ্ব-সাধাৰণ ৰাইজক।
সুৰংগ পথটোত সুচল ব্যৱস্থা নথকাৰ বাবে পথচাৰীৰ লগতে ছাত্ৰ ছাত্ৰীয়ে যাতায়তৰ ক্ষেত্ৰত ভুগিব লগা হৈছে যমৰ যাতনা। উক্ত পথটো মেৰামতিৰ বাবে ৰেল বিভাগে টকা আবন্টন দিছিল ঠিকেই কিন্তু ঠিকা লাভ কৰা ঠিকাদাৰ জনে নিম্ন মানৰ কাম কৰি দুৰ্নীতি কৰাৰ অভিযোগ তুলি প্ৰতিবাদ সাব্যস্ত কৰে স্থানীয় ৰাইজে।
পথটো জহি-খহি প্ৰকাণ্ড প্ৰকাণ্ড গাত হোৱাৰ এজাক বৰষুণতেই পানী জমা হোৱাৰ লগতে সুৰংগত কোনো পোহৰৰ ব্যৱস্থা নকৰাত সঘনাই দুৰ্ঘটনা সংঘটিত হোৱাৰ লগতে মৃত্যু মুখত পৰিবলগীয়া হৈছে একাংশ নাগৰিক।
ধুবুৰী জিলা ৰেল পথ উন্নয়ন আৰু যাত্ৰী সংস্থাৰ এই সুৰংগ পথটো প্ৰদৰ্শন কৰিবলৈ অহাত স্থানীয় ৰাইজে ঘেৰাও কৰি জবাহদিহি কৰাৰ লগতে পথটো মেৰামতিৰ কামত সংঘটিত দুৰ্নীতিৰ উচিত তদন্ত কৰি পথটো ৰাইজৰ বাবে সুচল কৰি দিয়াৰ দাবী কৰে ৰাইজে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা