
শিৱসাগৰ, ২১ এপ্ৰিল (হি.স.)। যোৱা শনিবাৰে সুদুৰ লাডাখত বি এছ এফৰ জোৱান ৰমেন বৰুৱাই কৰ্মৰত অৱস্থাতে মৃত্যু বৰণ কৰাৰ খবৰ পোৱাৰ লগে লগে তেওঁ জন্মস্থান ১নং চিন্তামণিগড় গাঁৱত এক শোকাকুল পৰিবেশ বিৰাজ কৰিছে।
আজি পুৱাই ৰমেন বৰুৱাৰ নশ্বৰ দেহ তেওঁৰ আপোন গাঁৱখনত উপস্থিত হোৱাৰ লগে লগে পৰিয়াল,ইষ্ট-কুটুম্বৰ লগতে অসংখ্য গুণমুগ্ধই ভিৰ কৰিছে ঘৰৰ চোতাল।
সকলো মিয়ম্ৰান যদিও শ্বহীদ বীৰগৰাকীৰ বাবে গৌৰৱ অনুভৱ কৰিছে আৰু তেওঁ অমৰ হওক তাকে কামনা কৰিছে।
২০১২ চনত সেনাবাহিনীত যোগদান কৰা শ্বহীদ বীৰ ৰমেন বৰুৱাই পিতৃ-মাতৃ পৰিবাৰৰ লগতে দুটিকৈ পুত্ৰ সন্তানক এই সংসাৰত এৰি থৈ গৈছে।
ইপিনে সামৰিক বাহিনীৰ ৰীতি-নীতিৰে সন্মান জনোৱাৰ লগতে উপস্থিত সকলোৱে পুষ্পঞ্জলিৰে বীৰ গৰাকীক শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে।
ইপিনে প্ৰয়াত ৰমেন বৰুৱাৰ লগতে উক্ত অঞ্চলৰ বীৰ শ্বহীদ জোৱানৰ স্মৃতিত এক যোগাত্মক পদক্ষেপ গ্ৰহণ কৰিবলৈ চৰকাৰ তথা জিলা প্ৰশাসনক আহ্বান জনাইছে গাঁৱৰ জনতাই।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু