ধুবুৰী জিলা কংগ্ৰেছৰ ৪৫ জনকৈ কৰ্মীক দলৰ পৰা বহিষ্কাৰ
ধুবুৰী জিলা কংগ্ৰেছৰ বৃহত এক্সন।
ধুবুৰী জিলা কংগ্ৰেছৰ ৪৫ জনকৈ কৰ্মীক দলৰ পৰা বহিষ্কাৰ


ধুবুৰী, ২১ এপ্ৰিল (হি.স.): সদ্য় সমাপ্ত ২০২৬ নিৰ্বাচনৰ পাছতেই ধুবুৰীত যোৱা কালি সোমবাৰে সন্ধিয়া ধুবুৰী জিলা কংগ্ৰেছে বৃহৎ পদক্ষেপ গ্ৰহণ কৰে । একেবাৰে ৪৫ জনকৈ কংগ্ৰেছ কৰ্মীক দলৰ পৰা বহিষ্কাৰ কৰা হৈছে ।

অলপতে হৈ যোৱা বিধান সভা নিৰ্বাচনত দলৰ বিৰূদ্ধে কাম কৰাৰ অভিযোগত ৬ বছৰৰ বাবে বহিষ্কাৰ কৰা হৈছে দলীয় নেতা কৰ্মীক । বহিষ্কৃত এই ৪৫ জনৰ ভিতৰত আছে ধুবুৰীৰ প্ৰাক্তন বিধায়ক ৰচুল হক বাহাদুৰ। এই কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰে জিলা কংগ্ৰেছ কমিটীয়ে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande