
চিৰাঙ, ২১ এপ্ৰিল (হি.স.)। চিৰাঙৰ বাসুগাঁৱত নিশা সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনা। উক্ত পথ দুৰ্ঘটনা সংঘটিত হৈছে বাসুগাঁও চহৰৰ ষ্টেচন ৰোডত ।
মটৰচাইকেলৰ আৰোহী আৰু চাইকেল আৰোহীৰ মাজত সৃষ্টি মুখামুখি সংঘৰ্ষ। ফলত গুৰুতৰ ভাবে আহত চাইকেল আৰোহী দীপাংকৰ ঠাকুৰ আৰু মটৰচাইকেল আৰোহী আব্দুল আলী ।
তীব্ৰ গতিত অহা এএছ ২৬ ডি ৩০২৪ পঞ্জীয়ন নম্বৰৰ মটৰচাইকেল খনে বিপৰীত দিশৰ পৰা আহি থকা চাইকেল আৰোহী জনক প্ৰচণ্ডজোৰে আঘাত কৰে। খবৰ লাভ কৰি দুৰ্ঘটনাস্থলীত আৰক্ষীৰ লোক উপস্থিত হৈ আহত দুজনক উদ্ধাৰ কৰি বাসুগাওঁ ক্ষুদ্ৰ প্ৰাথমিক চিকিৎসা কেন্দ্ৰত লৈ যায় যদিও দুয়োৰে স্বাস্থ্যৰ অৱনমিত হোৱাত উন্নত চিকিৎসাৰ বাবে বঙাইগাঁও লৈ প্ৰেৰণ কৰে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা