ইৰাণৰ স্থিতিৰ ওপৰত নিৰ্ভৰশীল ইছলামাবাদৰ দ্বিতীয় ৰাউণ্ডৰ আলোচনা, যুদ্ধ বিৰতি দুদিন বৃদ্ধি
তেহৰাণ/ৱাশ্বিংটন/ইছলামাবাদ, ২১ এপ্ৰিল (হি.স.)। আজি সমাপ্ত হ’বলগীয়া আমেৰিকা আৰু ইৰাণৰ মাজত যুদ্ধবিৰতি আৰু দুদিনৰ বাবে বৃদ্ধি কৰা হৈছে। আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে এই ঘোষণা কৰে। বৰ্তমান পাকিস্তানৰ ৰাজধানী ইছলামবাদত আমেৰিকা-ইৰাণৰ দ্বিতীয় ৰা
डोनाल्ड ट्रंप के तेवर। फोटो संयोजन - इंटरनेट मीडिया


তেহৰাণ/ৱাশ্বিংটন/ইছলামাবাদ, ২১ এপ্ৰিল (হি.স.)। আজি সমাপ্ত হ’বলগীয়া আমেৰিকা আৰু ইৰাণৰ মাজত যুদ্ধবিৰতি আৰু দুদিনৰ বাবে বৃদ্ধি কৰা হৈছে। আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে এই ঘোষণা কৰে। বৰ্তমান পাকিস্তানৰ ৰাজধানী ইছলামবাদত আমেৰিকা-ইৰাণৰ দ্বিতীয় ৰাউণ্ডৰ আলোচনাৰ আৰম্ভণিৰ বাবে কূটনৈতিক প্ৰচেষ্টা চলি আছে। এতিয়ালৈকে ইৰাণে ইছলামাবাদলৈ প্ৰতিনিধি দল প্ৰেৰণ কৰাৰ কোনো সুনিৰ্দিষ্ট ইংগিত দিয়া নাই। ইয়াৰ বিপৰীতে আমেৰিকাৰ প্ৰতিনিধি দল ইতিমধ্যে পাকিস্তান অভিমুখে ৰাওনা হৈছে।

চিএনএন, চিবিএছ নিউজ, আল জাজিৰা, জিঅ’ নিউজৰ বাতৰি অনুসৰি ট্ৰাম্পে তেওঁৰ কথা-বতৰাত ইংগিত দিছে যে ইৰাণৰ সৈতে যুদ্ধবিৰতি প্ৰকৃততে আৰু প্ৰায় দুদিনৰ বাবে বৃদ্ধি কৰা হৈছে আৰু এতিয়া ৱাশ্বিংটনৰ সময় অনুসৰি বুধবাৰে সন্ধিয়ালৈকে চলি থাকিব। ব্লুমবাৰ্গৰ সৈতে হোৱা এক ফোন সাক্ষাৎকাৰত ট্ৰাম্পে কয় যে প্ৰথমে ৮ পি.এম. ২১ এপ্ৰিলত ইষ্টাৰ্ণ টাইম, এতিয়া সপ্তাহৰ মাজভাগলৈকে চলিব। নতুন সময়সীমাৰ পূৰ্বে যদি কোনো চুক্তিত উপনীত নহয় তেন্তে আৰু অধিক বৃদ্ধি কৰাটো অতি কঠিন হ’ব বুলিও তেওঁ সকীয়াই দিয়ে।

পাকিস্তানত সম্ভাৱ্য দ্বিতীয় ৰাউণ্ডৰ আলোচনাৰ পূৰ্বে ইৰাণৰ শীৰ্ষ নেতৃত্বৰ সৈতে আলোচনা কৰা হ’ব বুলিও সোমবাৰে ট্ৰাম্পে কয়। ৰক্ষণশীল ৰেডিঅ’ অনুষ্ঠান দ্য জন ফ্ৰেডেৰিকছ শ্ব’ত দিয়া এক চুটি ফোন সাক্ষাৎকাৰত ট্ৰাম্পে তেহৰাণ আলোচনাৰ টেবুললৈ আহিব বুলি আত্মবিশ্বাস প্ৰকাশ কৰে। এনে নহ’লে ভয়াৱহ পৰিণতি হ’ব বুলিও তেওঁ কয়। ট্ৰাম্পে আশা প্ৰকাশ কৰে যে, ইৰানে আপোচ কৰিব। ই নিজৰ দেশখন পুনৰ নিৰ্মাণ কৰিব। আৰু যেতিয়া কৰিব তেতিয়া ইয়াৰ হাতত কোনো পাৰমাণৱিক অস্ত্ৰ নাথাকিব।

সাক্ষাৎকাৰ সমাপ্ত কৰাৰ পূৰ্বে ট্ৰাম্পে ইৰাণৰ বিৰুদ্ধে সামৰিক ব্যৱস্থা লোৱাৰ ন্যায্যতা প্ৰদান কৰিছিল। তেওঁ কয় যে আমেৰিকাৰ হাতত আন কোনো উপায় নাই। ইৰাণৰ বিৰুদ্ধে চলি থকা অৱৰোধকো ৰক্ষা কৰে। ৰাষ্ট্ৰপতিগৰাকীয়ে ইৰাণৰ ওপৰত অৰ্থনৈতিক হেঁচা বৃদ্ধি কৰা বুলিও কয় আৰু তেওঁ ইয়াক অব্যাহত ৰাখিব। তেওঁ কয় যে যেতিয়া ইৰাণে হেঁচা অনুভৱ কৰিব তেতিয়াহে ইৰাণে আলোচনাৰ মেজলৈ ঘূৰি আহিব। আমেৰিকাই ইয়াক বাধ্য কৰিব।

ইৰাণৰ বৈদেশিক মন্ত্ৰী আব্বাছ আৰাঘচিয়ে তেওঁৰ পাকিস্তানী সমকক্ষ ইছাক দাৰক ফোনযোগে কয় যে তেওঁৰ দেশে সকলো দিশ বিবেচনা কৰি আছে আৰু কেনেকৈ আগবাঢ়িব সেই বিষয়ে সিদ্ধান্ত ল’ব। ইৰাণৰ বৈদেশিক মন্ত্ৰালয়ে উল্লেখ কৰিছে যে আমেৰিকাৰ উচটনিমূলক কাৰ্য্য আৰু যুদ্ধবিৰতি উলংঘা অব্যাহত ৰখাৰ ফলত পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰিছে। মুখ্য আলোচনাপন্থী তথা ইৰাণৰ সংসদৰ অধ্যক্ষ মহম্মদ গালিবাফে কয় যে ট্ৰাম্পে আলোচনাৰ মেজখনক আত্মসমৰ্পণৰ টেবুললৈ ৰূপান্তৰিত কৰিবলৈ বা নতুন যুদ্ধৰ উচটনি দিয়াৰ ন্যায্যতা প্ৰদান কৰিবলৈ চেষ্টা কৰিছে।

ইফালে তেহৰাণৰ শীৰ্ষ নেতৃত্বই স্পষ্ট কৰি দিছে যে ভাবুকিৰ ছাঁত আলোচনা নহ’ব। ট্ৰাম্পেও অটল হৈ আছে। তেহৰানে চুক্তিত সন্মতি নিদিয়ালৈকে ইৰাণৰ বন্দৰ অৱৰোধ অব্যাহত থাকিব বুলিও তেওঁ উল্লেখ কৰিছে। ইজৰাইলে দক্ষিণ লেবাননত বোমা বিস্ফোৰণ অব্যাহত ৰাখিছে যদিও শত্ৰুতা শেষ কৰিবলৈ বৃহস্পতিবাৰে ৱাশ্বিংটনত লেবানন আৰু ইজৰাইলে আলোচনা অনুষ্ঠিত কৰাৰ কথা।

हिन्दुस्थान समाचार / Manoj Kumar Saikia


 rajesh pande