
শ্ৰীভূমি, ২১ এপ্ৰিল (হি.স.)। যোৱা নিশা শ্ৰীভূমিৰ ৰামকৃষ্ণ নগৰত সংঘটিত চুৰি কাণ্ড। চোৰে লুটি লৈ গ’ল নগদ ১৪ লাখ টকাৰ লগতে সোণৰ অলংকাৰ । ৰামকৃষ্ণ নগৰৰ ২ নং ৱাৰ্ডৰ অন্তৰ্গত কালিনগৰ পাৰ্ট-২ত শ্যামাপদ বৈদ্যৰ ঘৰত চোৰে চলায় তাণ্ডব । ঘটনা অনুসৰি, শ্যামাপদ বৈদ্যৰ পত্নী ঝুমা বৈদ্য সন্ধিয়া বজাৰলৈ গৈছিল ঔষধ আনিবলৈ। ঔষধ লৈ ঘৰলৈ উভতি আহি তেওঁ ঘৰৰ দুৱাৰ খুলি দেখে যে পিছফালৰ দুৱাৰ খোলা আছে আৰু ঘৰখন সম্পূৰ্ণভাৱে লণ্ডভণ্ড কৰি ৰখা আছে। আলমাৰী ভঙা অৱস্থাত দেখা যায়। পিছে তেওঁ লক্ষ্য কৰে যে, এখন বেগত ৰখা আছিল ১৪ লাখ টকা আৰু সোণৰ গহনা ।
টকাখিনি মহিলা গৰাকীৰ মাতৃয়ে মাটি বিক্ৰী কৰি তেওঁলোকৰ ঘৰত ৰাখিছিল। চোৰৰ দলে এই সকলো সামগ্ৰী লুটি লৈ পলায়ন কৰে । মুহূৰ্তৰ ভিতৰতে ওচৰ-চুবুৰীয়াৰ লোকসকল ঘটনাস্থলীত ভৰি পৰে। ৰামকৃষ্ণনগৰ আৰক্ষীক খবৰ দিয়া হয় । আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে যদিও বৰ্তমানলৈকে কোনো উল্লেখযোগ্য সফলতা লাভ কৰিব সক্ষম হোৱা নাই। উক্ত ঘটনাৰ পিছতে সমগ্ৰ অঞ্চলত আতংকৰ সৃষ্টি হৈছে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা