
বৰপেটা, ২১ এপ্ৰিল (হি.স.)। বৰপেটা ৰোডৰ সাৰ্বজনীন ৰঙালী বিহু সন্মিলনৰ সোণালী জয়ন্তী বৰ্ষৰ অন্তিম দিনৰ সাংস্কৃতিক অনুস্থানত আচুৰ্য বৰপাত্ৰ গোহাঁইৰ সংগীতাষ্ঠান। প্ৰতিকুল বতৰৰ মাজতো হাজাৰ হাজাৰ দৰ্শকে উপভোগ কৰিলে আচুৰ্যৰ গান | দৰ্শকৰ আনন্দ উল্লাসৰ মাজত আচুৰ্যই পৰিবেশন কৰিলে জুবিন গাৰ্গৰ গীতৰ লগতে নিজৰ জনপ্ৰিয় গান |
গীতৰ মাজতে সোঁৱৰণ কৰিলে জুবিন গাৰ্গক । পৰিবেশন কৰিলে মায়াবিনী শীৰ্ষক জুবিন গাৰ্গৰ গান |বৰষুণৰ মাজতে তিতি তিতি আচুৰ্যৰ গীত উপভোগ কৰিলে দৰ্শকে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা