
হৰিদ্বাৰ, ২১ এপ্ৰিল (হি.স.)। বিশিষ্ট সাহিত্যিক, বিজেপিৰ প্ৰাক্তন ৰাষ্ট্ৰীয় উপ-সভাপতি আৰু ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ বলবীৰ পুঞ্জৰ চিতাভষ্ম মঙলবাৰে হৰিদ্বাৰত পূৰ্ণাংগ ৰীতি-নীতিৰে গংগাত বিসৰ্জন দিয়া হয়। বিসৰ্জন অনুষ্ঠানৰ সময়ত কানখালৰ সতী ঘাটত পৰিয়ালটোৰ সৈতে বিজেপিৰ কেইবাজনো জ্যেষ্ঠ নেতা উপস্থিত থাকে।
পৰিয়ালটোৱে চিতাভষ্মৰ কলহটো কঢ়িয়াই সতীঘাটত সম্পূৰ্ণ ধৰ্মীয় ৰীতি নীতিৰে গংগাত বিসৰ্জন দি তেওঁৰ আত্মাৰ শান্তি আৰু পৰিত্ৰাণৰ বাবে প্ৰাৰ্থনা কৰে। শ্ৰদ্ধাঞ্জলি জনাই সাংসদ ত্ৰিবেন্দ্ৰ সিং ৰাৱটে কয় যে বলবীৰ পুঞ্জ আছিল এজন ৰাষ্ট্ৰীয়তাবাদী চিন্তাবিদ, এজন প্ৰখ্যাত লেখক আৰু এজন অভিজ্ঞ ৰাজনীতিবিদ। তেওঁৰ চিন্তা-চৰ্চা আৰু লেখাই দল-সমাজক অহৰহ পথ প্ৰদৰ্শন কৰিছিল। কেবিনেট মন্ত্ৰী মদন কৌশিকে কয় যে ৰাজনৈতিক আৰু সামাজিক ক্ষেত্ৰলৈ তেওঁ উল্লেখযোগ্য অৱদান আগবঢ়াইছিল, যিটো সদায় স্মৰণীয় হৈ থাকিব। ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ বলবীৰ পুঞ্জৰ শনিবাৰে ৭৬ বছৰ বয়সত দেহাৱসান ঘটে।
हिन्दुस्थान समाचार / অৰৱিন্দ