
পাটনা, ২১ এপ্ৰিল (হি.স.)। জনতা দল ইউনাইটেডে এক বৃহৎ সাংগঠনিক সিদ্ধান্ত গ্ৰহণ কৰি জ্যেষ্ঠ নেতা তথা বিহাৰ চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী শ্ৰৱণ কুমাৰক বিধায়নী দলৰ নেতা হিচাপে নিৰ্বাচিত কৰে। এই সিদ্ধান্তই দলৰ ভিতৰত তেওঁৰ ভূমিকা আৰু প্ৰভাৱ দুয়োটাকে বৃদ্ধি কৰা বুলি বিবেচিত হৈছে।
এখন দলীয় বৈঠকত জেডিইউৰ ৰাষ্ট্ৰীয় সভাপতি তথা প্ৰাক্তন মুখ্যমন্ত্ৰী নীতিশ কুমাৰক বিধায়নী দলৰ নেতা নিৰ্বাচনৰ বাবে কৰ্তৃত্ব প্ৰদান কৰা হয়। তাৰ পিছত তেওঁ শ্ৰৱণ কুমাৰৰ নাম চূড়ান্ত কৰিলে। দলটোৱে তেওঁৰ নাম বিধানসভা সচিবালয়লৈ প্ৰেৰণ কৰে, য’ত তেওঁক নিযুক্তি নিশ্চিত কৰি আনুষ্ঠানিক অধিসূচনা জাৰি কৰা হয়।
শেহতীয়াকৈ শ্ৰৱণ কুমাৰৰ নিৰাপত্তা ৱাই-প্লাছ কেটেগৰীলৈ বৃদ্ধি কৰা হৈছে, যিয়ে তেওঁৰ ক্ৰমবৰ্ধমান ৰাজনৈতিক গুৰুত্বৰ প্ৰতিফলন ঘটাইছে। তেওঁ নীতিশ কুমাৰৰ ঘনিষ্ঠ সহযোগী হিচাপে গণ্য কৰা হয় আৰু তেওঁ নিজৰ গৃহ জিলা নালন্দাৰ পৰা ধাৰাবাহিকভাৱে নিৰ্বাচনত জয়লাভ কৰি আহিছে।
উল্লেখযোগ্য যে ৬৯ বছৰীয়া শ্ৰৱণ কুমাৰৰ ৰাজনৈতিক কেৰিয়াৰ তিনি দশকৰো অধিক। ১৯৯৫ চনত সমাতা পাৰ্টিৰ টিকটত প্ৰথমবাৰৰ বাবে নালন্দা বিধানসভাৰ আসনত জয়লাভ কৰি তাৰ পিছত ৭বাৰ বিধায়ক নিৰ্বাচিত হৈছে। ১৯৯৫ চনৰ নিৰ্বাচনত শ্ৰৱণ কুমাৰকে ধৰি মাত্ৰ সাতজন সমতা পাৰ্টিৰ প্ৰাৰ্থীয়েহে জয়লাভ কৰিছিল।
ছাত্ৰ দিনত জে পি আন্দোলনৰ জৰিয়তে ৰাজনীতিত প্ৰৱেশ কৰিছিল। ১৯৯৪ চনত সমতা পাৰ্টি গঠন কৰাৰ পিছৰে পৰা নীতিশ কুমাৰ আৰু জৰ্জ ফাৰ্নাণ্ডেছৰ ঘনিষ্ঠ সহযোগী।
১৯৯৫ আৰু ২০০০ চনত সমতা পাৰ্টিৰ টিকটত শ্ৰৱণ কুমাৰে নিৰ্বাচনত জয়লাভ কৰিছিল। দলটো জেডিইউৰ সৈতে একত্ৰিত হোৱাৰ পিছতো জেডিইউৰ টিকটত তেওঁ নিৰ্বাচনত জয়লাভ কৰি থাকিল। তেওঁ বিহাৰ বিধানসভাত জেডিইউৰ মুখ্য হুইপ হিচাপেও কাৰ্যনিৰ্বাহ কৰি আহিছে। নীতিশ কুমাৰ আৰু জিতন ৰাম মাঞ্জীৰ চৰকাৰতো মন্ত্ৰী পদত অধিষ্ঠিত হৈ আহিছে।
কিন্তু জেডিইউ-আৰজেডিৰ মিত্ৰতা সত্ত্বেও ২০১৫ চনৰ বিধানসভা নিৰ্বাচনত তেওঁ প্ৰায় ৩০০০ ভোটৰ সংকীৰ্ণ ব্যৱধানত জয়লাভ কৰিছিল, যিটো তেওঁৰ ৰাজনৈতিক জীৱনৰ এক প্ৰত্যাহ্বানমূলক সময় আছিল।
সমাজসেৱাৰ পৰা ৰাজনীতিত প্ৰৱেশ কৰা শ্ৰৱণ কুমাৰে মধ্যমীয়া শিক্ষা গ্ৰহণ কৰি তৃণমূল পৰ্যায়ত কাম কৰি নিজকে সুকীয়া কৰি তুলিছে। দলৰ ভিতৰত তেওঁৰ বিস্তৃত অভিজ্ঞতা আৰু সংগঠনৰ প্ৰতি তেওঁৰ সমৰ্পণৰ ফলস্বৰূপে তেওঁৰ নতুন দায়িত্ব দেখা গৈছে।
हिन्दुस्थान समाचार / অৰৱিন্দ