বোকাখাত মহকুমা চুতীয়া ছাত্ৰ সন্থাৰ উদ্যোগত বোকাখাতত বীৰংগনা সতী সাধনীৰ ৫০২ তম স্মৃতি দিৱস পালন
গোলাঘাট, ২১ এপ্ৰিল (হি.স.)। চুতীয়া বুৰঞ্জীক উদ্বুদ্ধ কৰা বীৰঙ্গনা সতী সাধনীৰ আজি ৫০২ সংখ্যক স্মৃতি দিৱস ৷ এইগৰাকী বীৰাঙ্গনাৰ স্মৃতিত ৰাজ্যৰ প্ৰতিটো স্থানতে আজি বিভিন্ন কাৰ্যসূচী ৰূপায়ন কৰা হৈছে ৷ গোলাঘাট জিলা আৰু বোকাখাত মহকুমা চুতীয়া ছাত্ৰ সন্থা
বোকাখাত মহকুমা চুতীয়া ছাত্ৰ সন্থাৰ উদ্যোগত বোকাখাতত বীৰংগনা সতী সাধনীৰ ৫০২ তম স্মৃতি দিৱস পালন


গোলাঘাট, ২১ এপ্ৰিল (হি.স.)। চুতীয়া বুৰঞ্জীক উদ্বুদ্ধ কৰা বীৰঙ্গনা সতী সাধনীৰ আজি ৫০২ সংখ্যক স্মৃতি দিৱস ৷ এইগৰাকী বীৰাঙ্গনাৰ স্মৃতিত ৰাজ্যৰ প্ৰতিটো স্থানতে আজি বিভিন্ন কাৰ্যসূচী ৰূপায়ন কৰা হৈছে ৷

গোলাঘাট জিলা আৰু বোকাখাত মহকুমা চুতীয়া ছাত্ৰ সন্থাৰ যৌথ উদ্যোগত বোকাখাত আহুগাঁওবাসী ৰাইজৰ সহযোগত যুৰীয়া বৰগছৰ তলত এদিনীয়াকৈ এই স্মৃতি দিৱস উদযাপন কৰিছে ৷ প্ৰথম কাৰ্যসূচী হিচাবে বোকাখাত সমজিলা কাৰ্যালয় চৌহদত থকা বীৰাঙ্গনা সতী সাধনীৰ প্ৰতিমূৰ্তিত বন্তি প্ৰজ্বলন, মাল্যাৰ্পন, শ্ৰদ্ধাঞ্জলিৰ লগতে বীৰাঙ্গনাগৰাকীৰ কাষতে থকা সতী ৰাধিকা, আইদেউ সন্দিকৈ, কমলা মিৰি আৰু বেজা বৈষ্ণৱৰ প্ৰতিমূৰ্তিটো বন্তি প্ৰজ্বলন কৰে ৷ পৰৱৰ্তি সময়ত আহুগাঁৱত উদযাপন থলীত ৷ গছপুলি ৰোপন, পতাকা উত্তোলন, সাংস্কৃতিক শোভাযাত্ৰা, মুকলি সভা আৰু নিশালৈ সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ'ব ৷

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande