
গুৱাহাটী, ২১ এপ্ৰিল (হি.স.)। গুৱাহাটীৰ ৰাজীৱ ভৱনত আজি এক সংবাদমেল সম্বোধন কৰি ৰাজস্থানৰ প্ৰাক্তন বিধায়িকা তথা কংগ্ৰেছ নেত্ৰী দিব্যা মাদেৰ্নাই বিজেপি চৰকাৰৰ মহিলা সংৰক্ষণ আৰু সমষ্টি পুনৰ নিৰ্ধাৰণৰ বিধেয়কক একত্ৰিত কৰা কাৰ্যক তীব্ৰ ভাষাৰে আক্ৰমণ কৰে। সংবাদমেলৰ আৰম্ভণিতেই তেওঁ বিজেপিৰ এই সমগ্ৰ প্ৰক্ৰিয়াটোক এক 'নাটক' বুলি অভিহিত কৰি কয় যে মহিলা সৱলীকৰণৰ নামত যি খেল খেলিছে, তাৰ প্ৰকৃত ছবিখন হ’ল ‘কৰবাত চকু আৰু কৰবাত লক্ষ্য’।
নাৰী বন্দনাৰ নামত সংসদৰ স্বৰূপ সলনি কৰাৰ যি প্ৰচেষ্টা চলাইছে, সেয়া আচলতে এক ৰাষ্ট্ৰবিৰোধী ষড়যন্ত্ৰহে। প্ৰখ্যাত কবি নিদা ফাজলীৰ কবিতাৰ পংক্তি উদ্ধৃত কৰি তেওঁ কয় যে এজন মানুহৰ ভিতৰত যিদৰে দহ-বিছজন মানুহ লুকাই থাকে, বিজেপিৰ চৰিত্ৰও তেনে। তেওঁলোকৰ প্ৰতিটো পদক্ষেপৰ আঁৰত থকা প্ৰকৃত মনোভাৱ বুজিবলৈ দেশবাসীয়ে হাজাৰবাৰ ভাবিবলগীয়া হৈছে। অমিত শ্বাহে সংসদত বাৰে বাৰে ‘আমাৰ ওপৰত ভৰসা কৰক’ বুলি কোৱা কথাই প্ৰমাণ কৰে যে বিজেপিৰ ষড়যন্ত্ৰ আৰু ছলনাৰ বাবে দেশবাসীৰ আস্থা তেওঁলোকৰ ওপৰত এতিয়া শূন্য হৈ পৰিছে।
মাদেৰ্নাই বিজেপিৰ '৪০০ পাৰ' শ্ল’গানৰ ৰহস্য ফাদিল কৰি কয় যে সংবিধান সংশোধন কৰি নিজৰ ইচ্ছানুসাৰে সমষ্টিৰ সীমা নিৰ্ধাৰণ কৰিবলৈকে তেওঁলোকক এনে বৃহৎ সংখ্যাটোৰ প্ৰয়োজন আছিল। কিন্তু দেশৰ সচেতন জনতাই তেওঁলোকক সেই সংখ্যা নিদি ২৪০তে আৱদ্ধ কৰি ৰাখিলে আৰু বৰ্তমান বিহাৰৰ নীতিশ কুমাৰ আৰু অন্ধ্ৰপ্ৰদেশৰ চন্দ্ৰবাবু নাইডুৰ গাত ‘ভেজা’ দি চৰকাৰ চলাবলগীয়া হৈছে। তেওঁ প্ৰশ্ন উত্থাপন কৰে যে ২০২৩ চনৰ ছেপ্টেম্বৰ মাহতে ছোনিয়া গান্ধী আৰু মল্লিকাৰ্জুন খৰ্গেৰ পূৰ্ণ সমৰ্থনত মহিলা সংৰক্ষণ বিধেয়কখন গৃহীত হোৱাৰ পাছতো চৰকাৰে কিয় লগে লগে ইয়াক কাৰ্যকৰী নকৰিলে? চৰকাৰৰ লক্ষ্য যদি পৰিষ্কাৰ আছিল, তেন্তে ২০২৪ চনৰ নিৰ্বাচনতে বৰ্তমানৰ ৫৪৩ খন আসনতে ৩৩ শতাংশ সংৰক্ষণ কিয় নিদিলে? তাৰ পৰিৱৰ্তে লোকপিয়ল আৰু সমষ্টি পুনৰ নিৰ্ধাৰণৰ জৰিয়তে মহিলাৰ অধিকাৰক বিজেপি চৰকাৰে বান্ধি পেলালে। ৩০ মাহৰ পাছত নিৰ্বাচন চলি থকাৰ সময়ত হঠাতে সংবিধান সংশোধনৰ কথা কোৱাটোৱে বিজেপিৰ জনপ্ৰিয়তা হ্ৰাস পোৱাৰ ভয় প্ৰকট কৰি তুলিছে।
সমষ্টি পুনৰ নিৰ্ধাৰণ বা ‘ডিলিমিটেশ্যন’ক লৈ চৰকাৰৰ নীতিৰ তীব্ৰ বিৰোধিতা কৰি নেত্ৰীগৰাকীয়ে কয় যে ২০১১ চনৰ পুৰণি তথ্যৰ আধাৰত ২০২৬ চনত সমষ্টিৰ পুনৰ গঠন কৰাটো এক চৰম প্ৰৱঞ্চনা। ইয়াৰ অৰ্থ হ’ল ১৫ বছৰ আগৰ কোনো স্বাস্থ্য পৰীক্ষাৰ প্ৰতিবেদনৰ ওপৰত ভিত্তি কৰি বৰ্তমান কাৰোবাৰ শৰীৰত অস্ত্ৰোপচাৰ কৰিব বিচৰা হৈছে। বৰ্তমান সময়ত জনসংখ্যাৰ বৃদ্ধি ঘটিছে, সামাজিক আৰু অৰ্থনৈতিক গাঁথনিৰ পৰিৱৰ্তন হৈছে, বৃহৎ পৰিসৰত মানুহৰ প্ৰব্ৰজন ঘটিছে— এই সকলোবোৰক আওকাণ কৰি পুৰণি তথ্য জাপি দিয়াটো গ্ৰহণযোগ্য নহয়। আচলতে ২০২৭ চনত হ’বলগীয়া জাতিগত লোকপিয়লৰ তথ্য প্ৰকাশ পালে অ’বিচিৰ প্ৰকৃত সংখ্যা আৰু অংশীদাৰিত্ব দিব লাগিব বুলিয়েই বিজেপি চৰকাৰ শংকিত হৈ এতিয়া ২০১১ চনৰ পুৰণি তথ্যৰ আশ্ৰয় লৈছে।
ৰাহুল গান্ধীয়ে বাৰে বাৰে জাতিগত লোকপিয়লৰ দাবী কৰি অহাৰ বাবেই তেওঁক ‘আৰ্বান নক্সাল’ আখ্যা দিছিল, কিন্তু এতিয়া সেই একেজন ৰাহুল গান্ধীৰ বাবেই চৰকাৰ অ’বিচি হিতৈষী হোৱাৰ ভাও ধৰিবলৈ বাধ্য হৈছে। তেওঁ কয় যে অ’বিচিৰ গণনাক বিজেপিয়ে দেশৰ বাবে বিপদ বুলি ভাবে, যিটো তেওঁলোকৰ ‘মনুবাদ’ৰ এক আধুনিক সংস্কৰণহে।
অসম আৰু জম্মু-কাশ্মীৰৰ উদাহৰণ দি মাদেৰ্নাই কয় যে এই দুয়োখন ৰাজ্যত বিজেপিয়ে ইতিমধ্যে সমষ্টি পুনৰ নিৰ্ধাৰণৰ জৰিয়তে নিজৰ ৰাজনৈতিক সুবিধাৰ বাবে সমষ্টিৰ সীমাৰ ব্যাপক সালসলনি কৰিছে। এঠাইত পাহাৰ আৰু আন এঠাইত নদীৰ ভৌগোলিক ধাৰাবাহিকতাৰ দোহাই দি ৰাজনৈতিক শোষণ চলোৱা হৈছে। অসমত এটা লোকসভা সমষ্টি ১৪ লাখ আৰু আন এটা ২৬ লাখ ভোটাৰ হোৱাটোৱে তেওঁলোকৰ সুবিধাবাদী ৰাজনীতিক চৰিত্ৰ উদঙাই দিছে। তেওঁ স্পষ্টকৈ কয় যে যিবোৰ ৰাজ্যই শিক্ষা আৰু জনসংখ্যা নিয়ন্ত্ৰণৰ ক্ষেত্ৰত সফল হৈছে, বিশেষকৈ দক্ষিণ ভাৰত, উত্তৰ-পূব আৰু সৰু ৰাজ্যসমূহক এই নীতিৰ দ্বাৰা ৰাজনৈতিকভাৱে শাস্তি দিয়া হ’ব। ই দেশৰ যুক্তৰাষ্ট্ৰীয় গাঁথনিৰ ওপৰত এক প্ৰহাৰ। ৰাহুল গান্ধীয়ে সংসদত এই বিধেয়কখনক এক ‘দেশবিৰোধী কাৰ্য’ বুলি অভিহিত কৰিছে কাৰণ ই ভাৰতৰ অখণ্ডতাত কুঠাৰাঘাত কৰিব।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক লক্ষ্য কৰি মাদেৰ্নাই কয় যে তেওঁ এতিয়া দেশৰ প্ৰধানমন্ত্ৰী হিচাপে নহয়, বৰঞ্চ বিজেপিৰ এজন তাৰকা প্ৰচাৰক হিচাপেহে আচৰণ কৰিছে। ১৮ এপ্ৰিলৰ নিশা ৮.৩০ বজাত দেশবাসীক সম্বোধন কৰাৰ নামত বিজেপিৰ এজন তাৰকা প্ৰচাৰক হিচাপেহে আচৰণ কৰিছে৷ ভাষণত ৫৮ বাৰকৈ কংগ্ৰেছৰ নাম লৈছে, যাৰ পৰা তেওঁৰ অন্তৰৰ ভয় আৰু শংকা স্পষ্ট হৈ পৰিছে। মোদীয়ে নিবনুৱা সমস্যা, মূল্যবৃদ্ধি বা জনসাধাৰণৰ সমস্যাৰ কথা নকৈ কেৱল লোকচক্ষুৰ পৰা আতৰি মিছা কথা কৈছে। মণিপুৰ, হাথৰছ, উন্নাও, বিলকিছ বানু বা মহিলা খেলুৱৈৰ নিৰ্যাতনৰ সময়ত নিমাত থকা প্ৰধানমন্ত্ৰীগৰাকীয়ে এতিয়া মহিলাৰ ত্ৰাণকৰ্তা হোৱাৰ ভাও ধৰাটো হাস্যকৰ। মাদেৰ্নাই চৰকাৰক প্ৰত্যাহ্বান জনাই কয় যে যদি বিজেপিৰ উদ্দেশ্য পৰিষ্কাৰ হয়, তেন্তে সমষ্টি পুনৰ নিৰ্ধাৰণৰ নাটক বন্ধ কৰি বৰ্তমানৰ ৫৪৩ খন আসনতে ৩৩ শতাংশ সংৰক্ষণৰ ব্যৱস্থা কৰি লগে লগে কাৰ্যকৰী কৰক। কংগ্ৰেছে ইয়াত পূৰ্ণ সমৰ্থন দিব। সংবাদমেলৰ অন্তত তেওঁ কয় যে মহিলাক এতিয়া কেৱল বাতৰিৰ শিৰোনাম বা নিৰ্বাচনী শ্ল’গান নালাগে, তেওঁলোকক লাগে সমান অধিকাৰ, অংশীদাৰিত্ব আৰু প্ৰকৃত ন্যায়।
বিজেপিৰ এই ছলনাময়ী চৰিত্ৰ এতিয়া দেশবাসীৰ আগত সম্পূৰ্ণৰূপে পৰিস্ফুট হৈ পৰিছে। এপিচিচিৰ মিডিয়া বিভাগৰ অধ্যক্ষ বেদব্ৰত বৰাই পৰিচালনা কৰা সংবাদমেলখনত ছ’চিয়েল মিডিয়া বিভাগৰ অধ্যক্ষ ঋতুপৰ্ণ কোঁৱৰ আৰু জ্যেষ্ঠ মুখপাত্ৰ গণেশ বৰ্মনো উপস্থিত থাকে।
হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী