

ইম্ফল, ২১ এপ্ৰিল (হি.স.) । মণিপুৰত তিনি ঘণ্টাৰ ব্যৱধানত দুটাকৈ ভূমিকম্পৰ জোঁকাৰণি অনুভৱ কৰা হয়। প্ৰথমটো কঁপনি পুৱা ৫:৫৯:৩৩ বজাত আৰু দ্বিতীয়টো পুৱা ৯:০৩:২৫ বজাত অনুভৱ কৰা হয়।
ভাৰতীয় ভূমিকম্পবিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি ৰিখটাৰ স্কেলত ৫.২ আৰু ৩.৩ ৰিখটাৰ ভূমিকম্প। মণিপুৰৰ কামজং জিলাত ২৪.৭০৩ ডিগ্ৰী উত্তৰ অক্ষাংশ আৰু ৯৪.৪১৫ ডিগ্ৰী পূব দ্ৰাঘিমাংশৰ প্ৰায় ৬২ কিলোমিটাৰ গভীৰতাত প্ৰথমটো ভূমিকম্প উৎপত্তি হৈছিল। ইফালে ২৪.৭৩৭ ডিগ্ৰী উত্তৰ অক্ষাংশ আৰু ৯৪.১৮৫ ডিগ্ৰী পূব দ্ৰাঘিমাংশল কামজং জিলাত প্ৰায় ৫৬ কিলোমিটাৰ গভীৰতাত দ্বিতীয়টো ভূমিকম্পৰ উৎপত্তিস্থল আছিল।
ইফালে কঁপনি অনুভৱ কৰাৰ লগে লগে আতংকিত হৈ ঘৰৰ পৰা ওলাই আহিল। কিন্তু কোনো ধৰণৰ প্ৰাণ বা সা-সম্পত্তিৰ ক্ষতি হোৱাৰ খবৰ পোৱা নাই সেয়া সকাহৰ কথা। প্ৰশাসনে পৰিস্থিতি নিৰীক্ষণ কৰি থকাত ৰাইজক সজাগ হৈ থাকিবলৈ আহ্বান জনোৱা হৈছে।
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ