
যোৰহাট, ২১ এপ্ৰিল (হি.স.)। যোৰহাটৰ ৰাজপথত আজি দাও দাওকৈ জ্বলি উঠিল এখন মেজিক বাহন। নগৰৰ যোৰহাট চৰকাৰী বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সন্মুখত ৰখাই থোৱা অৱস্থাতে হঠাতে যাত্ৰীবাহি মেজিক খন জ্বলি উঠিল।
সৌভাগ্যক্ৰমে বাহন খনত নাছিল কোনো যাত্ৰী। বাহনখনত তেনেদৰে নিজে নিজে জুই লগাত অঞ্চলটোত হুৱা দুৱা লাগে।অৱশ্যে স্থানীয় লোকে ততপৰতাৰে এই জুই নুমুৱাবলৈ সক্ষম হয়।
ইফালে কি কাৰণে এনেদৰে বাহনখনত হঠাত জুই লাগিল সেই সন্দৰ্ভত এতিয়াও ৰহস্য হৈ আছে যদিও যান্ত্ৰিক বিজুটিৰ ফলতেই এই জুই লাগিব পাৰে বুলি সন্দেহ কৰা হৈছে।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু