সাহিত্য কাণ্ডাৰী পদ্মনাথ গোহাঞি বৰুৱাৰ ৮০ সংখ্যক স্মৃতিদিৱস উদযাপন
শোণিতপুৰ, ২১ এপ্ৰিল (হি.স.)। সাহিত্য কাণ্ডাৰী, অসম সাহিত্য সভাৰ প্ৰথম গৰাকী সভাপতি, তেজপুৰৰ ঐতিহ্যমণ্ডিত বাণ থিয়েটাৰৰ প্ৰতিষ্ঠাপক সম্পাদক, শতবৰ্ষ গৰকা অসমীয়া ক্লাবৰ প্ৰতিষ্ঠাপক পদ্মনাথ গোঁহাঞি বৰুৱাৰ ৮০ সংখ্যক মৃত্যু দিৱস অৰ্থাৎ স্মৃতি দিৱসৰ আজ
80th death anniversary of Padmanath Gohain Baruah


80th death anniversary of Padmanath Gohain Baruah


80th Anniversary of Padmanath Gohani Baruah


80th Anniversary of Padmanath Gohani Baruah


শোণিতপুৰ, ২১ এপ্ৰিল (হি.স.)। সাহিত্য কাণ্ডাৰী, অসম সাহিত্য সভাৰ প্ৰথম গৰাকী সভাপতি, তেজপুৰৰ ঐতিহ্যমণ্ডিত বাণ থিয়েটাৰৰ প্ৰতিষ্ঠাপক সম্পাদক, শতবৰ্ষ গৰকা অসমীয়া ক্লাবৰ প্ৰতিষ্ঠাপক পদ্মনাথ গোঁহাঞি বৰুৱাৰ ৮০ সংখ্যক মৃত্যু দিৱস অৰ্থাৎ স্মৃতি দিৱসৰ আজিৰ দিনটোত দিনটোত পুৱাই তেজপুৰ সাহিত্য সভাৰ উদ্যোগত সাহিত্য সভা ভৱন প্ৰাংগনত থকা আৱক্ষ মূৰ্তিত বন্তি প্ৰজ্বলন আৰু মাল্যাৰ্পণেৰে শ্ৰদ্ধাঞ্জলি আৰু স্মৃতিচাৰণ অনুষ্ঠান সম্পন্ন হয় ৷

অনুষ্ঠানটি সাহিত্য কাণ্ডাৰী গৰাকীৰ নাতি তথা সংগীতশিল্পী সঞ্জয় কৃষ্ণ গোহাঞি বৰুৱাৰ দ্বাৰা বন্তি প্ৰজ্বলন আৰু তেজপুৰ সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড০ ভূপেন শইকীয়া আৰু উপ সভাপতি দ্বীজেন নাথৰ দ্বাৰা মাল্যাৰ্পণ আৰু পুষ্পাঞ্জলি অৰ্পনৰে আৰম্ভ হয়। অনুষ্ঠানটিত তেজপুৰ সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ৰমেশ চন্দ্ৰ কলিতা, উপ সভাপতি নবীন চন্দ্ৰ লহকৰ, বাণ থিয়েটাৰৰ প্ৰাক্তন উপসভাপতি দিলীপ বৰা, সাধাৰণ সম্পাদক জিতুমণি দেৱচৌধুৰী, তেজপুৰ সাহিত্য সভাৰ সম্পাদক ড০ পল্লৱ ভট্টাচাৰ্য্য, অসম নাট্য সন্মিলনৰ তেজপুৰ শাখাৰ সম্পাদক জ্যোতি প্ৰসাদ গোস্বামী, প্ৰাক্তন সম্পাদক জিন্টু বৰঠাকুৰ, বাণ থিয়েটাৰৰ গ্ৰন্থাগাৰিক ভূপেন বৰুৱা, শোণিতপুৰ জাৰ্ণেলিষ্ট ইউনিয়নৰ তৰফৰ পৰা পুলক কুমাৰ ডেকা, সাংবাদিক সংস্থা জাফাৰ শোণিতপুৰ জিলা সমিতিৰ সম্পাদক হেমন্ত কুমাৰ নাথ, কাৰ্যনিৰ্বাহক সদস্য বিশ্বজিৎ বড়ো, দেৱজিৎ বৰা, অৱসৰপ্ৰাপ্ত অধ্যাপক ড০ বিপুল কুমাৰ শৰ্মা, অভিনেতা তাজ হুছেইন, ফটো সাংবাদিক সমীৰ কৰকে ধৰি বিশিষ্ট ব্যক্তিসকলে পুষ্পাঞ্জলি অৰ্পনৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ পিছত ড০ ভূপেন শইকীয়াই স্মৃতিচাৰণ কৰি সাহিত্য কাণ্ডাৰী গৰাকী বহু ক্ষেত্ৰত প্ৰথম আছিল বুলি মন্তব্য কৰি তেখেতৰ বিভিন্ন অজানা দিশৰ ওপৰত আলোকপাত কৰে। বিশিষ্ট গল্পকাৰ -ঔপন্যাসিক তথা অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড০ ভূপেন শইকীয়াই কয় -অসমীয়া ভাষা পুনৰ প্ৰতিষ্ঠাৰ বাবে যিসকল পুৰোধাই অহোপুৰুষাৰ্থ কৰিছিল সেই সকলৰ ভিতৰত পদ্মনাথ গোহাঞি বৰুৱা আছিল অন্যতম । বিদ্যালয়ৰ পাঠ্যপুথিৰ বাবে ভূগোল ,বুৰঞ্জীকে ধৰি নীতিশিক্ষা, শিক্ষাবিধি, শিক্ষকৰ হাতপুথি আদি প্ৰণয়ন কৰি অভাৱ পূৰণ নকৰা হ'লে অসমীয়া মাধ্যমত পাঠদান কৰা বহু পলম হ'লহেতেন ।একেধাৰে কবি, নাট্যকাৰ, ঔপন্যাসিক, কাকত আলোচনীৰ সম্পাদক, সমাজ সংগঠক, স্হানীয় প্ৰশাসক গোহাঞি বৰুৱা আছিল প্ৰথমখন প্ৰকাশিত উপন্যাস লাহৰী ৰচক । অসমৰ প্ৰথমগৰাকী সাহিত্যিক পেন্সনাৰ গোহাঞি বৰুৱা অসম সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সভাপতিয়েই নহয় তেওঁ আছিল তেজপুৰ পৌৰসভাৰ প্ৰথমগৰাকী অসমীয়া পৌৰপতি, দৰং মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ প্ৰথমগৰাকী সভাপতি আৰু উত্তৰ লখিমপুৰ সমষ্টিৰ প্ৰথমগৰাকী নিৰ্বাচিত প্ৰাদেশিক কাউন্সিলৰ ।তেজপুৰত আসাম চেন্ট্ৰেল প্ৰেছ প্ৰতিষ্ঠা কৰাই নহয় নিজৰ গাঁঠিৰ ধন ভাঙি দুকুৰি বছৰ কাল আসাম বন্তি কাকত প্ৰকাশেৰে গোহাঞি বৰুৱাই আগবঢ়োৱা অৱদান অসমীয়াৰ মনত চিৰস্মৰণীয় হৈ ৰ'ব । নৱপ্ৰজন্মই গোহাঞি বৰুৱাৰ জীৱন দৰ্শনৰ পৰা অনুপ্ৰেৰণা লাভ কৰিব পাৰিব বুলি ড০ শইকীয়াই মন্তব্য কৰে ।

আনহাতে তেজপুৰ সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক পংকজ বৰুৱাই আঁত ধৰা অনুষ্ঠানটিত তেজপুৰ সাহিত্য সভাৰ প্ৰাক্তন উপসভাপতি তথা বিশিষ্ট লেখক নবীন চন্দ্ৰ লহকৰে অসম ছাত্ৰ সন্মিলন, অসম এছচিয়েছন আদিৰ সৈতে জড়িত হৈ গোহাঞি বৰুৱাই অসমীয়া ভাষা -সাহিত্য -সংস্কৃতিৰ সৰ্বতোপ্ৰকাৰৰ উন্নয়নৰ বাবে কৰি যোৱা বিভিন্ন কামৰ প্ৰসংগ উল্লেখ কৰি বিজুলী , ঊষা আৰু আসাম বন্তি প্ৰকাশ আৰু সম্পাদনাৰে প্ৰভুত বৰঙণি আগবঢ়োৱাৰ লগতে বিশেষকৈ নিজৰ কষ্টোপাৰ্জিত ধনেৰে আসাম বন্তি প্ৰকাশ কৰি যোৱাৰ সময়ত নিজেই মন্তব্য কৰা আসাম বন্তিৰ বন্তি গছি মোৰ তেজেৰে জ্বলাই ৰাখিছোঁ বুলি কৰা মন্তব্যত তেওঁৰ জাতিৰ প্ৰতি অকৃত্ৰিম ভালপোৱা প্ৰকাশ পাইছে বুলি মন্তব্য কৰে ।

আনহাতে অসমৰ প্ৰথমগৰাকী শিক্ষাবিদ হিচাপে পৰিগণিত গোহাঞি বৰুৱাই পাণীন্দ্ৰ নাথ গগৈৰ সৈতে লগ হৈ আদিছোৱা, নীতি শিক্ষা, ভূগোল দৰ্পণ, আসাম বুৰঞ্জী, ভাৰত বুৰঞ্জী আদিকে ধৰি ৰচনা কৰি যোৱা পাঠ্যপুথিৰ প্ৰসংগ উল্লেখ কৰি জাতীয় জীৱনৰ প্ৰাত:স্মৰণীয় পুৰোধা গৰাকীৰ জীৱন-দৰ্শন নতুন প্ৰজন্মই সঠিকভাৱে আয়ত্ব কৰা উচিত বুলি মন্তব্য কৰে।

অনুষ্ঠানটি তেজপুৰ সাহিত্য সভাৰ সম্পাদক ড০ পল্লৱ ভট্টাচাৰ্য্যই শলাগ জ্ঞাপন কৰাৰ পিছত সামৰণি পৰে । উল্লেখ্য যে অসমীয়া ভাষা-সাহিত্যৰ গুৰিব'ঠা ধৰোঁতা এই গৰাকী স্বনামধন্য বৰেণ্য সাহিত্যিকক তেজপুৰ সাহিত্য সভাৰ লগতে বাণ থিয়েটাৰেও বিশেষভাৱে শ্ৰদ্ধা জ্ঞাপন কৰে৷ বাণ থিয়েটাৰৰ সম্পাদক পংকজ বৰুৱাই আঁত ধৰা অনুষ্ঠানটিৰ প্ৰথমেই সাহিত্য কাণ্ডাৰী পদ্মনাথ গোহাঞি বৰুৱাৰ নাতি তথা বাণ থিয়েটাৰৰ সংগীতাধিকাৰ সঞ্জয় কৃষ্ণ গোহাঞি বৰুৱা, সাধাৰণ সম্পাদক জিতুমণি দেৱচৌধুৰী আৰু প্ৰাক্তন উপ সভাপতি দিলীপ বৰাই প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলনেৰে আৰু ধূপ আৰু পুষ্পাঞ্জলি অৰ্পনৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ পিছত বাণ থিয়েটাৰৰ কাৰ্যনিৰ্বাহক সদস্য সকলে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । সাধাৰণ সম্পাদক জিতুমণি দেৱচৌধুৰীয়ে বাণ থিয়েটাৰৰ প্ৰতিষ্ঠাপক সম্পাদক গৰাকীৰ স্মৃতিচাৰণ কৰি সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ পিছতেই পদ্মনাথ গোহাঞি বৰুৱাই অসমীয়া ভাষা সাহিত্য আৰু সংস্কৃতিৰ উত্তৰণৰ বাবে যিখিনি অৱদান আগবঢ়াই গ'ল সেই অৱদানে আজিও অসমীয়া ভাষা -সাহিত্য -সংস্কৃতিক সমৃদ্ধ কৰি ৰাখিছে বুলি মন্তব্য কৰে ।

হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ


 rajesh pande