
গুৱাহাটী, ২০ এপ্ৰিল (হি.স.)। ৰাজ্যজুৰি ৰঙালী বিহুৰ উখল-মাখল পৰিৱেশ বিৰাজ কৰি আছে। পৰম্পৰাগত ৰীতিৰে পালন কৰা হৈছে ৰঙালী বিহু। ৰঙালী বিহু সাত দিন পালন কৰা হয়, তাক ‘সাতবিহু’ বোলে। আজি ৰঙালী বিহুৰ সপ্তম দিন তথা ব’হাগৰ ৬ তাৰিখ। পৰম্পৰা অনুসৰি সাত দিনীয়া ৰঙালী বিহুৰ সামৰণিৰ দিনা ৬ ব’হাগত অসমবাসীয়ে ‘চেৰা বিহু’ পালন কৰি আহিছে।
চেৰা বিহু হৈছে সাতবিহুৰ শেষৰ দিন। ৰঙালীৰ সপ্তম আৰু অন্তিম বিহুক চেৰা বিহু বুলি বুজায়। চেৰা শব্দৰ অৰ্থ হ’ল অৱসান বা ত্যাগ। এই দিনটোৰ আছে বহু গুৰুত্ব। প্ৰতিটো বিহুৰ দৰে ৰঙালীৰ চেৰা বিহুৰো বিশেষ গুৰুত্ব আছে। চেৰা বিহুৰ দিনা উজনি-নামনি উভয়তে সাতশাকী খোৱাৰ নিয়ম আছে। সেই নিয়ম আজিও প্ৰচলিত হৈ আছে।
ব’হাগ বিহু সাধাৰণতে চ’তৰ সংক্ৰান্তিৰ পৰা আৰম্ভ হৈ ব’হাগৰ ছয় দিনলৈ মুঠ সাতদিন পালন কৰা হয়। চ’তৰ সংক্ৰান্তিৰ পৰা অসমীয়াই উদযাপন কৰে বাপতিসাহোন ৰঙালী বিহু ৷ সাতদিনীয়াকৈ পালন কৰা হেঁপাহৰ ৰঙালী বিহুৰ প্ৰথমটো দিন গৰু বিহু উদযাপন কৰিলে চহা অসমীয়াই। সাতবিহুৰ প্ৰতিটো দিনৰে আছে সুকীয়া নাম, সুকীয়া বৈশিষ্ট্য ৷ এই সাতবিহু হ’ল – গৰু বিহু, মানুহ বিহু, গোসাঁই বিহু অথবা কুটুম বিহু, তাঁতৰ বিহু, নাঙলৰ বিহু, জীয়ৰী বিহু অথবা চেনেহী বিহু আৰু চেৰা বিহু ৷
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া