
গুৱাহাটী, ২০ এপ্ৰিল (হি.স.)। গুৱাহাটী মহানগৰত হোৱা ধাৰাসাৰ বৰষুণৰ ফলত দেওবাৰে মাজনিশাৰ পাছত মালিগাঁও অঞ্চলৰ নলাত প্ৰবল সোঁতে উটুৱাই নিলে এগৰাকী যুৱতী।
ধাৰাপুৰৰ বাসিন্দা পায়ল নাথ নামৰ যুৱতী গৰাকীক প্ৰৱল বৰষুণৰ সময়ত এটা নলাৰ প্ৰচণ্ড সোঁতে উটুৱাই নিয়াৰ খবৰ পোৱা গৈছে। ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনী (এছডিআৰএফ)ৰ এটা দলে যুৱতীগৰাকীক বিচাৰি উলিয়াবলৈ অভিযান আৰম্ভ কৰিছে। অশুভ বতৰ আৰু প্ৰবল সোঁতৰ মাজতো উদ্ধাৰ অভিযান অব্যাহত আছে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া