শিৱসাগৰ জিলাৰ গৌৰীসাগৰত বিবাহিতা মহিলা নিৰুদ্দেশ
শিৱসাগৰ জিলাৰ গৌৰীসাগৰত বিবাহিতা মহিলা নিৰুদ্দেশ।
শিৱসাগৰ জিলাৰ গৌৰীসাগৰত বিবাহিতা মহিলা নিৰুদ্দেশ


শিৱসাগৰ, ২০ এপ্ৰিল (হি.স.): শিৱসাগৰ জিলাৰ গৌৰীসাগৰত এগৰাকী বিবাহিতা মহিলা নিৰুদ্দেশ হৈ আছে। গোপাল গগৈ নামৰ ব্যক্তিজনৰ পত্নী ভাৰমিতা ফুকন গগৈ সাত বছৰীয়া সন্তান সহিতে বিগত ১২ এপ্ৰিলৰ পৰা সন্ধানহীন হৈ আছে।

গৌৰীসাগৰত ভাৰাঘৰত বসবাস কৰি এটা গেৰেজ চলাই জীৱিকা নিৰ্বাহ কৰা গোপাল গগৈয়ে গৌৰীসাগৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে বৰ্তমানলৈকে সন্ধান নাই পত্নী আৰু সন্তানৰ ।গৌৰীসাগৰ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে যদিও বৰ্তমানলৈকে নিৰুদ্দেশ হোৱা মহিলাগৰাকী আৰু সন্তানৰ কোনো সন্ধান লাভ কৰিবলৈ সক্ষম হোৱা নাই । কোনো লোকে মহিলা গৰাকীৰ সন্ধান লাভ কৰিলে গোপাল গগৈ নামৰ ব্যক্তিজনক 99543 09103 নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande