
কলকাতা, ২০ এপ্ৰিল (হি.স.)। কলকাতা আৰক্ষীৰ উপ আয়ুক্ত শান্তনু সিনহা বিশ্বাসৰ বাসগৃহত তালাচী চলোৱাৰ পিছত পশ্চিম বংগৰ প্ৰৱৰ্তন সঞ্চালকালয়ে (ইডি) চি জি অ’ কমপ্লেক্সত থকা নিজৰ কাৰ্যালয়লৈ মাতি আনিছে। তদন্তকাৰী সংস্থাটোৱে আৰক্ষী বিষয়াজনৰ দুই পুত্ৰকো সোধা-পোছাৰ বাবে মাতিছে। মঙলবাৰ (২১ এপ্ৰিল)ৰ ভিতৰত তেওঁলোকক হাজিৰ হ’বলৈ কোৱা হৈছে।
সূত্ৰ অনুসৰি, দক্ষিণ কলকাতাৰ বাসিন্দা সোনা পাপ্পু আৰু কালিঘাট আৰক্ষী থানাৰ প্ৰাক্তন ষ্টেচন হাউছ বিষয়া বেহলাৰ প্ৰমোটাৰ জয় কামদাৰৰ সৈতে শান্তনুৰ সম্পৰ্ক থকাৰ অভিযোগ উত্থাপন হৈছে। শান্তনুৰ দুয়োজন পুত্ৰই শিক্ষানুষ্ঠানৰ সৈতে জড়িত বুলি কোৱা হয় আৰু জয় কামদাৰেও চিনাকি। ধৃত প্ৰমোটাৰ জয় কামদাৰৰ সৈতে আৰক্ষী বিষয়া বা তেওঁৰ পুত্ৰসকলৰ কোনো ধৰণৰ আৰ্থিক লেনদেন আছিল নে নাই সেয়া নিৰ্ণয় কৰিব বিচাৰিছে তদন্তকাৰী সংস্থাটোৱে। সেয়ে পিতৃ-পুত্ৰক মাতি অনা হৈছে।
তদন্তকাৰীয়ে সোণা পাপ্পু আৰু জয় কামদাৰৰ মাজত হোৱা আৰ্থিক লেনদেনৰ প্ৰমাণো উদ্ধাৰ কৰিছে। দেওবাৰে দীঘলীয়া জেৰাৰ অন্তত জয় কামদাৰক গ্ৰেপ্তাৰ কৰা হয়। অৱশ্যে স্বাস্থ্যৰ অৱনতি ঘটাৰ বাবে আৰ জি কাৰ হাস্পতালত ভৰ্তি কৰোৱা হৈছে। সোমবাৰে আদালতত হাজিৰ হোৱাৰ সম্ভাৱনা আছে।
উল্লেখযোগ্য যে কিছুদিন পূৰ্বে বালিগুঙত সংঘটিত হোৱা এক দাঙ্গা কাণ্ডৰ মূল অভিযুক্ত সোণা পাপ্পুক আৰক্ষীয়ে এতিয়াও গ্ৰেপ্তাৰ কৰিব পৰা নাই। এই গোচৰৰ পূৰ্বে ভাৰতীয় আৰক্ষী সেৱাৰ এজন বিষয়াক সোধা-পোছা কৰা হৈছিল। দেওবাৰে তদন্তকাৰী সংস্থাটোৱে শান্তনু বিশ্বাসৰ ফাৰ্ণ ৰোডৰ বাসগৃহত তালাচী চলায়। তদন্তকাৰী সংস্থাটোৱে দাবী কৰা মতে, শান্তনু সেই সময়ত ঘৰত উপস্থিত নাছিল, আনহাতে তেওঁৰ এজন পুত্ৰই সংবাদ মাধ্যমক জনাইছে যে বিষয়াসকলে তেওঁৰ পিতৃক জেৰা কৰিছিল।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া