শৰণীয়া কছাৰী জনগোষ্ঠীৰ কেন্দ্ৰীয় বাঁহ গোসাঁই উৎসৱৰ আজি অন্তিমটো দিন
তামুলপুৰ, ২০ এপ্ৰিল (হি.স.)। অসমৰ অন্যতম ভূমিপুত্ৰ জনজাতীয় জনগোষ্ঠী শৰণীয়া কছাৰী জনগোষ্ঠীৰ পৰম্পৰাগত উৎসৱ কেন্দ্ৰীয় বাঁহ গোসাঁই উৎসৱৰ আজি অন্তিমটো দিনত তামুলপুৰত এক উখল-মাখল পৰিৱেশ সৃষ্টি হয় ৷ তামুলপুৰ মহাবিদ্যালয় খেলপথাৰত অনুস্থিত কেন্দ্ৰীয় বা
শৰণীয়া কছাৰী জনগোষ্ঠীৰ কেন্দ্ৰীয় বাঁহ গোসাঁই উৎসৱৰ আজি অন্তিমটো দিন


তামুলপুৰ, ২০ এপ্ৰিল (হি.স.)। অসমৰ অন্যতম ভূমিপুত্ৰ জনজাতীয় জনগোষ্ঠী শৰণীয়া কছাৰী জনগোষ্ঠীৰ পৰম্পৰাগত উৎসৱ কেন্দ্ৰীয় বাঁহ গোসাঁই উৎসৱৰ আজি অন্তিমটো দিনত তামুলপুৰত এক উখল-মাখল পৰিৱেশ সৃষ্টি হয় ৷

তামুলপুৰ মহাবিদ্যালয় খেলপথাৰত অনুস্থিত কেন্দ্ৰীয় বাঁহ গোসাই উৎসৱত প্ৰতিকুল বতৰৰ মাজতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা জাতীয় সাজ সেউজীয়া বস্ত্ৰ পৰিধান কৰি অহা প্ৰায় পঞ্চাশ সহস্ৰাধিক শৰণীয়া কছাৰী জনগোষ্ঠীৰ পুৰুষ মহিলাই চৌদিশে সৃষ্টি কৰে এক সেউজীয়া পৰিবেশ ৷ সমান্তৰাল ভাৱে বিভিন্ন প্ৰান্তৰ পৰা শৰণীয়া কছাৰী ডেকা-গাভৰু সকলে পৰম্পৰাগত ৰীতি-নীতিৰে বাঁহ গোসাঁইআনি স্থাপন কৰি হৰ্ষোল্লাখৰ মাজেৰে আনন্দত আত্মহাৰা হৈ নাচি-বাগি এক আধ্যাত্মিক আৰু সাংস্কৃতিক পৰিৱেশৰ সৃষ্টি কৰে। প্ৰদৰ্শিত হয় শৰণীয়া কছাৰী জনগোষ্ঠীৰ পৰম্পৰাগত মাছ মৰা নৃত্যৰ লগতে জনগোষ্ঠীটোৰ বিভিন্ন কৃষ্টি সংস্কৃতি ৷ আজি আবেলি অনুস্থিত হোৱা মুকলি সভাত উপস্থিত থাকে জনগোষ্ঠীটোৰ কেইবাগৰাকী বিশিষ্ট ব্যক্তি ৷

ইপিনে আজিৰ সভাত শৰণীয়া কছাৰী জনগোষ্ঠীৰ বিভিন্ন সমস্যা সমুহ দৃষ্টি গোচৰ কৰিবলৈ অসম চৰকাৰৰ কেইবাগৰাকী মন্ত্ৰীক নিমন্ত্ৰণ কৰা হৈছিল যদিও কোনো এগৰাকী উপস্থিত নথকাত ক্ষোভ ব্যক্ত কৰে সদৌ অসম শৰণীয়া কছাৰী ছাত্ৰ সংস্থাৰ সাধাৰণ সম্পাদক দীপজ্যোতি শৰণীয়াই ৷ কেন্দ্ৰীয় বাঁহ গোসাই উৎসৱৰ থলিৰ পৰাই শৰণীয়া জনগোষ্ঠীটোৱে জনজাতিৰ প্ৰমাণ পত্ৰৰ লগতে দীৰ্ঘদিন ধৰি ভূগি থকা আন আন সমস্যা সমুহ তৎতকালীন ভাৱে সমাধানৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনাই দীপজ্যোতি শৰণীয়াই ৷

উল্লেখযোগ্য যে, ১৯ এপ্ৰিলৰ পৰা দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে সদৌ অসম শৰণীয়া কছাৰী ছাত্ৰ সন্থাৰ উদ্যোগত , তামুলপুৰ আঞ্চলিক সমিতিৰ আৰু তামুলপুৰীয়া ৰাইজৰ সহযোগত অনুষ্ঠিত হোৱা কেন্দ্ৰীয় বাঁহ গোসাই উৎসৱৰ আজি নিশা সাংস্কৃতিক সন্ধিয়াৰে অন্ত পৰিব ৷

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande