
নলবাৰী, ২০ এপ্ৰিল (হি.স.): ব’হাগ বিহুৰ আনন্দৰ মাজতে নলবাৰী জিলাত সংঘটিত এক শোকাৱহ ঘটনাই অঞ্চলটোত গভীৰ শোকৰ ছাঁ পেলাইছে। জিলাখনৰ ঘোঘৰাপাৰ থানাৰ অন্তৰ্গত নিজ বৰশিৰাল গাঁৱৰ কাটাবাৰী অঞ্চলত দেওবাৰে আবেলি পাগলাদিয়া নদীত ডুবি দুগৰাকী মহিলা সহ মুঠ তিনিজনৰ কৰুণ মৃত্যু হয়।
পুলিচ সূত্ৰে জানিবলৈ দিয়া অনুসৰি, নিহতসকল হৈছে নিজ বৰশিৰাল গাঁৱৰ নিবাসী গুদ্দু ডেকা (৩৫), গুৱাহাটী পাঞ্জাবাৰী অঞ্চলৰ পিংকি দাস (২৪) আৰু ৰোহিত গুটুঙ (২৭)।
উল্লেখযোগ্য যে পিংকি দাস আৰু ৰোহিত গুটুঙ ব’হাগ বিহু উদযাপন কৰিবলৈ গুদ্দু ডেকাৰ ঘৰলৈ আহিছিল।
স্থানীয় বাসিন্দাসকলে জনোৱা অনুসৰি, ঘটনাৰ দিনা তিনিওজনে পাগলাদিয়া নদীত স্নান কৰিবলৈ গৈছিল। এই সময়তে নদীৰ পাৰত চলি থকা তটবন্ধ নিৰ্মাণৰ বাবে কৰা খনন কাৰ্যৰ ফলত সৃষ্টি হোৱা এক গভীৰ গাঁতত পৰি তিনিওজন পানীত ডুবি যায়।
ঘটনাস্থলীত উপস্থিত স্থানীয় লোকসকলে তৎক্ষণাত উদ্ধাৰ কৰি তিনিওজনক অচেতন অৱস্থাত চিকিৎসালয়লৈ লৈ যায় যদিও চিকিৎসকে তেওঁলোকক মৃত ঘোষণা কৰে।
ইয়াৰ পিছত আৰক্ষীয়ে মৃতদেহ কেইটা মৰণোত্তৰ পৰীক্ষাৰ বাবে নলবাৰী জিলা চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে। ঘটনাটো সন্দৰ্ভত এক গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে। ইফালে, স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰি কয় যে তটবন্ধ নিৰ্মাণৰ কামত জড়িত সংস্থাৰ অবহেলাৰ বাবেই এনে দুৰ্ঘটনা সংঘটিত হৈছে। এই ক্ষেত্ৰত দায়ী সংস্থাৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে স্থানীয় ৰাইজে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ