(আপডেট) উধমপুৰৰ ৰামনগৰ বাছ দুৰ্ঘটনাত মৃতকৰ সংখ্যা ১৯ জনলৈ বৃদ্ধি
উধমপুৰ, ২০ এপ্ৰিল (হি.স.)। জম্মু কাশ্মীৰৰ ৰামনগৰৰ কাগোৰ্ট গাঁৱত আজি পুৱা এখন বাছ পথৰ পৰা পিছলি খাৱৈত পৰি কমেও ঊনৈশজন যাত্ৰী নিহত হোৱাৰ লগতে কেইবাজনো আহত হয়। ঘটনা সংঘটিত হোৱাৰ লগে লগে আৰক্ষী, উদ্ধাৰকাৰী দল, স্থানীয় বাসিন্দাই ঘটনাস্থলীত উপস্থিত হৈ
(আপডেট) উধমপুৰৰ ৰামনগৰ বাছ দুৰ্ঘটনাত মৃতকৰ সংখ্যা ১৯ জনলৈ বৃদ্ধি


উধমপুৰ, ২০ এপ্ৰিল (হি.স.)। জম্মু কাশ্মীৰৰ ৰামনগৰৰ কাগোৰ্ট গাঁৱত আজি পুৱা এখন বাছ পথৰ পৰা পিছলি খাৱৈত পৰি কমেও ঊনৈশজন যাত্ৰী নিহত হোৱাৰ লগতে কেইবাজনো আহত হয়। ঘটনা সংঘটিত হোৱাৰ লগে লগে আৰক্ষী, উদ্ধাৰকাৰী দল, স্থানীয় বাসিন্দাই ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে। আহতসকলক চিকিৎসাৰ বাবে ওচৰৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

উধমপুৰ-ৰিয়াছি ৰেঞ্জৰ ডিজিট আৰক্ষী মহাপৰিদৰ্শক শিৱ কুমাৰ শৰ্মাই উল্লেখ কৰে যে দুৰ্ঘটনাস্থলীত এটি কেকুঁৰি আছে। চালকজনে সম্ভৱতঃ কেকুঁৰিটোত নিয়ন্ত্ৰণ হেৰুৱাই পেৰাপেটত খুন্দা মাৰি খাৱৈত পৰি যায়। গাড়ীখনত অধিক যাত্ৰী থকাৰ সম্ভাৱনা সন্দৰ্ভত তেওঁ উল্লেখ কৰে যে এই কাণ্ডটো তদন্তৰ বিষয়। তেওঁ লগতে কয় যে আৰক্ষী, এছডিআৰএফ আৰু জিলা প্ৰশাসনৰ দলসমূহ ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ আৰু সাহায্য অভিযান চলাই আছে। আহতসকলক তাৎক্ষণিক চিকিৎসাৰ বাবে জিএমচি উধমপুৰলৈ লৈ যোৱা হৈছে।

উপ-ৰাজ্যপাল মনোজ সিনহাই এই ঘটনাক লৈ শোক প্ৰকাশ কৰি কয়, শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছো। ভগৱানে তেওঁলোকক শক্তি প্ৰদান কৰক। আহতসকলৰ আশু আৰোগ্যৰ বাবে প্ৰাৰ্থনা কৰিছো। তেওঁ কয় যে, মই জিলা প্ৰশাসন, আৰক্ষী, এছডিআৰএফ, আৰু স্বাস্থ্য বিভাগক নিৰ্দেশ দিছো যে ক্ষতিগ্ৰস্ত লোকসকলক সকলো ধৰণৰ সহায় আগবঢ়াব লাগে।

মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাইও গভীৰ শোক প্ৰকাশ কৰি কয় যে চৰকাৰে এই শোকৰ সময়ত নিহত আৰু তেওঁলোকৰ পৰিয়ালৰ সৈতে দৃঢ়তাৰে থিয় দিছে আৰু তেওঁলোকক সম্ভৱপৰ সকলো সহায় আগবঢ়াইছে।

हिन्दुस्थान समाचार / Manoj Kumar Saikia


 rajesh pande