
গোলাঘাট, ২০ এপ্ৰিল (হি.স.): গোলাঘাট জিলাৰ নুমলীগড়ৰ বিষ্ণুপুৰ বাইপাছৰ ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথত যোৱা কালি দেওবাৰে নিশা ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় । দুখন চাৰিচকীয়া বাহনৰ মাজত মুখামুখি সংঘৰ্ষৰ ফলতেই এই দুৰ্ঘটনাটো ঘটে।
দুৰ্ঘটনাটোত দুয়োখন বাহনেৰে সন্মুখভাগ সম্পূৰ্ণৰূপে ভাগি চূৰ্ণাকৃত হয় । দুয়োখন বাহনেৰে মুঠ তিনিজন লোক গুৰুতৰভাৱে আহত হয়। তাৎক্ষণিকভাৱে আহত কেইজনক ভিকেএনআৰএল চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ