নিশা বৰপেটাৰোডত আৰক্ষীৰ তালাচী, ১০০ বটল নিষিদ্ধ কাফ চিৰাপসহ আটক এজন
বৰপেটা, ২০ এপ্ৰিল (হি.স.)। নিশা বৰপেটাৰোডত আৰক্ষীৰ তালাচী: ১০০ বটল নিষিদ্ধ কফ চিৰাপসহ আটক এজন। বৰপেটাৰোডত অব্যাহত আছে নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে আৰক্ষীৰ তীব্ৰ অভিযান। নিশা বৰপেটাৰোড আৰক্ষীয়ে চলোৱা এক অভিযানত বুজন পৰিমাণৰ নিষিদ্ধ কফ চিৰাপসহ এ
নিশা বৰপেটাৰোডত আৰক্ষীৰ তালাচী, ১০০ বটল নিষিদ্ধ কাফ চিৰাপসহ আটক এজন


বৰপেটা, ২০ এপ্ৰিল (হি.স.)। নিশা বৰপেটাৰোডত আৰক্ষীৰ তালাচী: ১০০ বটল নিষিদ্ধ কফ চিৰাপসহ আটক এজন। বৰপেটাৰোডত অব্যাহত আছে নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে আৰক্ষীৰ তীব্ৰ অভিযান।

নিশা বৰপেটাৰোড আৰক্ষীয়ে চলোৱা এক অভিযানত বুজন পৰিমাণৰ নিষিদ্ধ কফ চিৰাপসহ এজন ব্যক্তি আটক কৰিবলৈ সক্ষম হয়। আৰক্ষী সূত্ৰে জানিব পৰা মতে, বৰপেটাৰোডৰ বিএছএলএল অফিচৰ সন্মুখৰে পৰা আৰক্ষীৰ এটা দলে তালাচী চলাই থকাৰ সময়তে এজন সন্দেহযুক্ত লোকক কৰায়ত্ত কৰে।

ধৃত ব্যক্তিজন জাখলিবিলৰ দীপাংকৰ সৰকাৰ বুলি চিনাক্ত কৰা হৈছে। তালাচীৰ সময়ত দীপাংকৰ সৰকাৰৰ পৰা ১০০ বটল নিষিদ্ধ 'ফেনচিদাইল' কফ চিৰাপ জব্দ কৰা হয়।জানিব পৰা মতে ব্যক্তিগৰাকীয়ে বিক্ৰী কৰাৰ উদ্দেশ্যৰে এই নিচাজাতীয় কফ চিৰাপ লৈ গৈ আছিল।

বৰপেটাৰোড আৰক্ষীয়ে ইতিমধ্যে অভিযুক্তজনক আটক কৰি থানালৈ লৈ যায় আৰু অধিক তথ্যৰ বাবে সোধা-পোছা অব্যাহত ৰাখিছে। অঞ্চলটোত বৃদ্ধি পোৱা ড্ৰাগছ তথা নিচাজাতীয় দ্ৰব্যৰ অবৈধ ব্যৱসায় ৰোধ কৰাৰ ক্ষেত্ৰত আৰক্ষীৰ এই অভিযানক স্থানীয় ৰাইজে আদৰণি জনাইছে।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande