জাতি মাটি উদ্ধাৰ আৰু কে এল অৰ লগত শান্তি চুক্তি ৰূপায়ণৰ স্বাৰ্থত কে এছ ডি ছি ঐক্যবদ্ধ
আগমনিত কে এছ ডি ছিৰ সংবাদ মেল।
জাতি মাটি উদ্ধাৰ আৰু কে এল অৰ লগত শান্তি চুক্তি ৰূপায়ণৰ স্বাৰ্থত কে এছ ডি ছি ঐক্যবদ্ধ


ধুবুৰী, ২০ এপ্ৰিল (হি.স.): ধুবুৰী জিলাৰ আগমনিত যোৱা কালি দেওবাৰে বিয়লি কে এছ ডি ছিয়ে এক সংবাদ মেল আয়োজন কৰি জাতি মাটি উদ্ধাৰ আৰু কে এল অৰ লগত শান্তি চুক্তি ৰূপায়ণৰ স্বাৰ্থত সংগঠনটো ঐক্যবদ্ধ হৈ থকাৰ দৃঢ়তা ব্যক্ত কৰে । সংবাদ মেলত কে এছ ডি ছিৰ বাণিজ্যিক কাৰ্যবাহী তৰিনী চন্দ্ৰ মণ্ডলে কয় যে, উত্তৰবঙ্গৰ বিধান সভা নিৰ্বাচনত জাতি মাটি উদ্ধাৰ আৰু কে এল অৰ লগত শান্তি চুক্তি ৰূপায়ণৰ স্বাৰ্থত বিধান সভা নিৰ্বাচনত বি জে পি দলক সমৰ্থন আগবঢ়োৱাত একাংশই সভানেত্ৰী তাপতী ৰায় মল্লিকক তীব্ৰ সমালোচনা আৰাম্ভ কৰিছে । সভানেত্ৰী তপতী ৰায় মল্লিকক ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিত ভাৱে মিছা অভিযোগ উত্থাপন কৰিলেও কে এছ ডি ছি ঐক্যবদ্ধ ভাবে আছে আৰু থাকিব।

কে এছ ডি ছি সদায় সভানেত্ৰী তাপতী ৰায় মল্লিকৰ লগত আছে বুলিও মন্তব্য কৰে। সেয়ে উত্তৰবঙ্গ আৰু বিহাৰৰ কমতাপুৰ বাসীক এনে মিছা আৰু ভিত্তিহীন অভিযোগক গুৰুত্ব নিদিবলৈ অনুৰোধ সংবাদ মেল যোগে। সংবাদ মেলত কে এছ ডি ছিৰ বানিজ্যিক কাৰ্যবাহী তৰনী চন্দ্ৰ মণ্ডলৰ লগতে জিলা উপ-সভাপতি দীপক ৰায়, সাংগঠনিক সহ সম্পাদক ইন্দ্ৰজিৎ অধিকাৰী, প্ৰাক্তন কে এল অ চন্দন বৰ্মন আৰু পোকালাগী আঞ্চলিকৰ সভাপতি বিশ্বজিৎ বৰ্মনৰ লগতে বিভিন্ন ব্যক্তি উপস্থিত থাকে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande