হোজাই মণিপুৰী সকলৰ খুন্দাৰোল নিংচিং অনুস্থান
হোজাই মনিপুৰী সকলৰ খুন্দাৰোল নিংচিং অনুস্থান।
হোজাই মণিপুৰী সকলৰ খুন্দাৰোল নিংচিং অনুস্থান


হোজাই, ২০ এপ্ৰিল (হি.স.): হোজাই মণিপুৰী সাহিত্য সভাত মণিপুৰী সকলে খুন্দাৰোল নিংচিং অনুষ্ঠান অনুষ্ঠিত কৰে। এই উপলক্ষে যোৱা কালি পূৱা ভাগত পতাকা উৎত্তোলন কৰে উদযাপন সমিতি সভাপতি লাইচম গোলাপে । তাৰ পাছত আয়োজিত হয় শ্ৰদ্ধাঞ্জলি অনুস্থান । এটা সমবেত সংগীতে উদ্বোধন কৰি জ্যেষ্ঠ সকলক মণিপুৰী গামোচা পিন্ধাই সন্মান জনায় ।

ইফালে নিশা ভাগত বাৰেৰহণীয়া সাংস্কৃতিক অনুস্থান অনুস্থিত কৰে । এই অনুষ্ঠান অনুস্থিত কৰা মূল কাৰণ হ'ল অসমত মণিপুৰী সকলে বসবাস কৰা ৩০০ বছৰ অধিক কাল অসমত বসবাস কৰি আহিছে । এই অনুষ্ঠানত উপস্থিত আছিল অৰুণাচল প্ৰদেশৰ জয় শংকৰ শৰ্মা, মণিপুৰী সমাজ কল্যাণ সমিতিৰ প্ৰতিনিধি আৰু ৰিপকো (RIPCO) মণিপুৰৰ সম্পাদক এন চি খুমান।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande