
শ্ৰীভূমি, ২০ এপ্ৰিল (হি.স.)। মহিলা সংৰক্ষণ বিধেয়কক লৈ শ্ৰীভূমি মহিলা মৰ্চাৰ ক্ষোভ। ৰাহুল গান্ধীৰ প্ৰতিমূৰ্তি দাহ, শ্ৰীভূমি মহিলা মৰ্চাৰ।
মহিলা সংৰক্ষণ বিধেয়কক কেন্দ্ৰ কৰি ৰাজনৈতিক উত্তাপ ক্ৰমান্বয়ে বাঢ়িছে। ইয়াৰ প্ৰতিবাদত আজি শ্ৰীভূমিত ৰাজপথলৈ ওলাই আহিল মহিলা মৰ্চাৰ কৰ্মী আৰু সমৰ্থক। প্ৰতিবাদৰ কেন্দ্ৰবিন্দু আছিল কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ। কাৰ্যসূচীৰ অংশ হিচাপে মহিলা মৰ্চাৰ সদস্যসকলে তেওঁৰ প্ৰতিমূৰ্তি জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে।
শ্ৰীভূমিৰ বিভিন্ন প্ৰান্তৰ পৰা মহিলা কৰ্মী আৰু সমৰ্থক সমবেত হৈ মহিলা সংৰক্ষণ বিধেয়কক লৈ আমি বিভ্ৰান্তি বিয়পাই নিদিওঁ, ৰাহুল গান্ধী মুৰ্দাবাদ, তৃণমূল কংগ্ৰেছ মুৰ্দাবাদ, ৰাজনীতি মহিলাৰ অধিকাৰৰ কথা নহয়- এনে শ্লোগানেৰে উত্তাল কৰি তোলে শ্ৰীভূমিৰ আকাশ বতাহ।
মহিলা সংৰক্ষণ বিধেয়ক সন্দৰ্ভত কংগ্ৰেছ আৰু বিশেষকৈ ৰাহুল গান্ধীৰ স্থিতি অস্পষ্ট আৰু বিভ্ৰান্তিকৰ, যিটো দেশৰ মহিলাৰ স্বাৰ্থৰ বিৰুদ্ধে বুলি অভিযোগ উত্থাপন কৰে প্ৰতিবাদকাৰীসকলে। তেওঁলোকে দাবী কৰে যে এই বিধেয়কখন মহিলাৰ ৰাজনৈতিক সবলীকৰণৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ, আৰু এই সন্দৰ্ভত কোনো নেতিবাচক বা অস্পষ্ট বক্তব্য গ্ৰহণ কৰা নহ’ব। মহিলা মৰ্চাৰ স্থানীয় নেতৃত্বই কয়, ‘মহিলা সৱলীকৰণৰ ক্ষেত্ৰত আমি আপোচ নকৰো।এই গুৰুত্বপূৰ্ণ বিধেয়ক খনক লৈ ৰাজনীতি কৰাসকলৰ বিৰুদ্ধে আমি আন্দোলন তীব্ৰতৰ কৰিম বুলি প্ৰতীবাদ কাৰীৰ সকিয়নী।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা