
ইম্ফল, ২০ এপ্ৰিল (হি.স.)। ইম্ফল পশ্চিম জিলাত ১৮ এপ্ৰিলত অনুষ্ঠিত প্ৰতিবাদী সমাৱেশৰ সময়ত সংঘটিত হোৱা হিংসাত্মক পৰিস্থিতিৰ সৈতে জড়িত ২১ জন লোকক গ্ৰেপ্তাৰ কৰিছে মণিপুৰ আৰক্ষীয়ে। ইম্ফল-জিৰিবাম পথত পাটছয়ৰ পৰা সাগোলবন্দলৈ অনুষ্ঠিত হোৱা এই সমাৱেশ পৰৱৰ্তী সময়ত হিংসাত্মক ৰূপ ধাৰণ কৰে।
আৰক্ষীৰ মতে, প্ৰতিবাদকাৰীয়ে নিৰাপত্তা বাহিনীক শিলগুটি নিক্ষেপ কৰে, পেট্ৰ’ল বোমা নিক্ষেপ কৰে, গুলী আৰু ডাঙৰ শিল ব্যৱহাৰ কৰে। কেইবাখনো চৰকাৰী বাহন ভাঙি লণ্ডভণ্ড কৰে। এই ঘটনাত কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ ২৩২ নং বেটেলিয়নৰ ৩ জোৱান গুৰুতৰভাৱে আহত হয়। পিছত নিৰাপত্তা বাহিনীয়ে ৰাইজক ছত্ৰভংগ দি পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰে।
গ্ৰেপ্তাৰ হোৱা লোকসকলৰ ভিতৰত আছে সঞ্জীৱ (৩৬), তাখেলচাংবাম বোনাঞ্জা (২৮), ৰাহুল ক্ষেত্ৰমায়ুম (২৭), থংবাম ৰজাৰ (৩৯), গুৰুমায়ুম মেক্স শৰ্মা (২৬), লামজিংবা আয়েকপাম (২৯), মুটুম মুৰাৰী (৩৭), মইৰাংথেম জেমছ (২৮), অইনাম মাইকেল (৩৬), কয়জাম কৰ্ণজিত মেইটেই (২৩), লম্বামায়ুম ৰিংগো (২৯), ইউৰিশ ৱেইনবাম (৩৫), হুইৰেম সোমৰজিত সিং (২৫), খোইছনাম নাওবা সিং (৩২), নিকেশ লাইশ্ৰম (২৩), চিংখাম ৰঞ্জন (২৮), চেৰাম বিকাশ (২১), কংজাম চিংখেইংগনবা (২৪), খুৰাইজাম দীপক সিং (৩৪), ৱাহেংবাম নৰেন সিং (৩৪) আৰু আনাওবা ক্ষেত্ৰমায়ুম (১৮)।
ইয়াৰ উপৰিও আৰক্ষীয়ে আৰামবাই টেংগোল সংস্থাৰ সদস্য টেনছুবাম লমিয়ানবা মেইটেই (২৩)ক গ্ৰেপ্তাৰ কৰে। ছ’চিয়েল মিডিয়াত উচটনিমূলক পোষ্ট দিয়াৰ অভিযোগত গ্ৰেপ্তাৰ কৰে যুৱকজনক।
আৰক্ষীৰ মতে, মেইইটেই নংছা লামিয়ানবা নামৰ এটা ফেচবুক একাউণ্টে ভাবুকি আৰু হিংসাৰ বাবে উচটনি দিয়া পোষ্ট শ্বেয়াৰ কৰি আইন-শৃংখলাৰ প্ৰতি গুৰুতৰ ভাবুকি কঢ়িয়াই আনিছিল।
কৰ্তৃপক্ষই স্পষ্ট সতৰ্কবাণী জাৰি কৰিছে যে হিংসাৰ বাবে উচটনি দিবলৈ বা সাম্প্ৰদায়িক সম্প্ৰীতি বিঘ্নিত কৰিবলৈ চেষ্টা কৰাসকলৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব। বিষয়টোৰ অধিক তদন্ত অব্যাহত আছে।
हिन्दुस्थान समाचार / আলোক চক্ৰৱৰ্তী