
নগাও, ২০ এপ্ৰিল (হি.স.)। কামপুৰৰ দাপাৰাত চুৰি কাণ্ড । দাপাৰাৰ কালি মন্দিৰত নিশা চোৰৰ তাণ্ডৱ । চোৰে লুটি লৈ যায় দানপাত্ৰৰ লগতে পিতলৰ সা-সামগ্ৰী । কালিমা দেৱীৰ মূৰ্তিত পৰিধান কৰা লক্ষাধিক টকাৰ সোণ-ৰূপৰ অলংকাৰো লৈ যায় চোৰে । প্ৰায় ৫০ হাজাৰ টকা দান পাত্ৰত থকা বুলি অনুমান মন্দিৰৰ পূজাৰীৰ ।
১৯০৬ চনতে স্থাপিত হোৱা এই কালি মন্দিৰত এইবাৰ চোৰে তাণ্ডৱ চলোৱাত হতভম্ব হৈ পৰিছে গাওঁবাসী ।ঘটনা সন্দৰ্ভত কামপুৰ থানাত এজাহাৰ দাখিল স্থানীয় ৰাইজৰ ।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা