মূষলধাৰ বৰষুণৰ পিছতে যোৰাবাটত অবৰ্ণনীয় পৰিৱেশ
গুৱাহাটী, ২০ এপ্ৰিল (হি.স.)। নিশাৰ মূষলধাৰ বৰষুণৰ পিছতে পুৱা যোৰাবাটত অবৰ্ণনীয় পৰিৱেশ। কৃত্ৰিম বান হ্ৰাস পাইছিল যদিও হ্ৰাস পোৱা নাছিল জনসাধাৰণৰ দুৰ্দশা। মহানগৰীৰ পৰা উজনি অসম অভিমুখী উৰণ সেঁতুৰ তলৰ ৰাষ্ট্ৰীয় ঘাইপথচোৱাত সৃষ্টি হয় কদৰ্যময় পৰিৱেশ।
নিশাৰ মূষলধাৰ বৰষুণৰ পিছতে পুৱা যোৰাবাটত অবৰ্ণনীয় পৰিৱেশ


নিশাৰ মূষলধাৰ বৰষুণৰ পিছতে পুৱা যোৰাবাটত অবৰ্ণনীয় পৰিৱেশ


গুৱাহাটী, ২০ এপ্ৰিল (হি.স.)। নিশাৰ মূষলধাৰ বৰষুণৰ পিছতে পুৱা যোৰাবাটত অবৰ্ণনীয় পৰিৱেশ। কৃত্ৰিম বান হ্ৰাস পাইছিল যদিও হ্ৰাস পোৱা নাছিল জনসাধাৰণৰ দুৰ্দশা। মহানগৰীৰ পৰা উজনি অসম অভিমুখী উৰণ সেঁতুৰ তলৰ ৰাষ্ট্ৰীয় ঘাইপথচোৱাত সৃষ্টি হয় কদৰ্যময় পৰিৱেশ। নিশা কৃত্ৰিম বানৰ ঢলে উটুৱাই অনা বোকাৰে ভৰি পৰে ৰাষ্ট্ৰীয় ঘাইপথৰ মাজভাগ। যাৰ ফলত দুৰ্ভোগ ভুগে গুৱাহাটীৰ পৰা উজনি অভিমুখী যাত্ৰা কৰা যাত্ৰী সকলৰ লগতে স্থানীয় ব্যৱসায়ীয়ে।

আনহাতে নিশা কৃত্ৰিম বানত আৱদ্ধ হৈ বিকল হৈ পৰে বহুকেইখন বিলাসী বাহনৰ লগতে বাণিজ্যিক বাহন। পাহাৰৰ পৰা পানীৰ ঢলে উটুৱাই অনা বোকা-পানীৰে পানী নিষ্কাশনৰ নলা সমূহ বন্ধ হৈ যোৱাৰ ফলতে এজাক বৰষুণতে স্তব্ধ হৈ পৰে যোৰাবাটৰ ৰাষ্ট্ৰীয় ঘাইপথ।

হিন্দুস্থান সমাচাৰ / Narayan Kar


 rajesh pande